Friday, September 30, 2022
HomeNewsগুৱাহাটীৰ ওদালবাক্ৰাত প্ৰাইজমানি ফুটবলৰ প্ৰস্তুতি

গুৱাহাটীৰ ওদালবাক্ৰাত প্ৰাইজমানি ফুটবলৰ প্ৰস্তুতি

গুৱাহাটীৰ ওদালবাক্ৰাত প্ৰাইজমানি ফুটবলৰ প্ৰস্তুতি

অলিম্পিয়া প্ৰতিবেদন:

গুৱাহাটী কাহিলীপাৰাৰ ওদালবাক্ৰা মৰ্ণিং ক্লাবৰ সৌজন্যত অহা ২৪ আৰু ২৫ ছেপ্টেম্বৰ, শনি আৰু দেওবাৰে দুদিনীয়াকৈ আয়োজন কৰা হৈছে প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা । খেলাৰ স্থান ওদালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ খেলপথাৰ । প্ৰতিযোগিতাৰ যোগদান মাচুল ২৫০০ টকা আৰু চেম্পিয়ন তথা ফাইনেলিষ্ট দলে লাভ কৰিব ক্ৰমে ৩০ আৰু ২০ হেজাৰ টকা ।

লগতে থাকিব ব্যক্তিগত পুৰস্কাৰো । যোগদানৰ অন্তিম দিন ২২ ছেপ্টেম্বৰ । মুঠ ১৬ টা দলৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু ‘ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ’ ভিত্তিত প্ৰথমে যোগাযোগ কৰা দলবোৰক যোগদানৰ সুযোগ দিয়া হ’ব । যোগদান কৰিবলৈ ইচ্ছুক দলক ৮৬৩৮৮-০৯০৪৮, ৮৭৫২০-৫০৯৬২,৮৬৩৮১-০০২৭৫ অথবা ৮৬৩৮৪-৫৩৭৪৪ নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে । প্ৰতিযোগিতাখন আয়োজনত ওদালবাক্ৰা মৰ্ণিং ক্লাবক সহযোগিতা আগবঢ়াইছে বৃহত্তৰ ওদালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদ, ওদালবাক্ৰা ৰাভা জনজাতি উন্নয়ন সমিতি, মিলিজুলি সংঘ আৰু ইভিনিং ক্লাবে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments