Tuesday, October 4, 2022
HomeNewsগুৱাহাটীৰ জ্যোতি চিত্রবনত টি গল্ডেন কাপৰ থিম ছং আৰু জাৰ্ছি উন্মোচন অনুষ্ঠান

গুৱাহাটীৰ জ্যোতি চিত্রবনত টি গল্ডেন কাপৰ থিম ছং আৰু জাৰ্ছি উন্মোচন অনুষ্ঠান

গুৱাহাটীৰ জ্যোতি চিত্রবনত টি গল্ডেন কাপৰ থিম ছং আৰু জাৰ্ছি উন্মোচন অনুষ্ঠান

অলিম্পিয়া প্ৰতিবেদন: অসম ফুটবল ইতিহাসত সংযোজন হ’ব নতুন দিশ । আৰম্ভ হ’ব অসম টি গল্ডেন কাপ । গুৱাহাটীৰ জ্যোতি চিত্রবনত থিম ছং আৰু জাৰ্ছি উন্মোচন অনুষ্ঠান ।

অসমৰ ১০ টা মণ্ডল সামৰি পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব মহিলাৰ অন্যতম সৰ্ববৃহৎ ফুটবলৰ মহাৰণ টি গল্ডেন কাপ । অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত তথা অসম অসম ফুটবল সন্থাৰ তত্বাৱধানত অনুষ্ঠিত হ’ব এই আন্তঃজিলা চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতা —- য’ত অসমৰ বিভিন্ন জিলাৰ ৬০ টা দলে মহিলা ফুটবল দলে খেলপথাৰত প্ৰদৰ্শন কৰিব দুভৰিৰ যাদু ।

শুক্ৰবাৰে, গুৱাহাটী জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতাৰ বাবে জাৰ্ছি উন্মোচন আৰু থিম ছঙৰ উদ্বোধন কৰা হয় । এই অনুষ্ঠানৰ ফিটা কাটিলে মন্ত্রী সঞ্জয় কিষাণে । মংগলধ্বনিত মুখৰিত হ’ল জ্যোতি চিত্ৰবনৰ প্ৰাঙ্গন । অসম টি গল্ডেন কাপৰ থীম ছঙত কন্ঠ নিগৰাইছে কন্ঠশিল্পী সুজিতা তাঁতিয়ে । থীম ছংগটো সুন্দৰকৈ সম্পাদনা কৰি উলিয়াইছে নীল নয়নে ।

উল্লেখযোগ্য যে, অহা ১৬ অক্টোবৰত এই টুৰ্ণামেন্টৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত । ফাইনেল মেচ অনুষ্ঠিত হ’ব তিনিচুকীয়াত । শ্ৰেষ্ঠ দললৈ ২ লাখ আৰু বিজিত দলক প্ৰদান কৰিব ১ লাখ টকা । এই কথা জনালে অসম টি গল্ডেন কাপৰ অয়োজক সমিতিৰ সভাপতি তথা মন্ত্রী সঞ্জয় কিষাণে —

প্ৰতিযোগিতাৰ বাবে ভেন্যু হিচাপে নিৰ্বাচন কৰিছে তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, বি টি আৰ, শিলচৰ, যোৰহাট, শিৱসাগৰ, নগাঁও , গোলাঘাট আদি জিলা । প্ৰতিটো ফুটবল দলত ৬ গৰাকী চাহজনগোষ্ঠী আৰু ৫ গৰাকী আন জনগোষ্ঠীৰ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হ’ব । এই সম্পৰ্কে জনালে অসম টি গল্ডেন কাপৰ আয়োজক সমিতিৰ সম্পাদক ৰাজেশ বদন নায়কে—

 

বৰাক – বহ্মপুত্রৰ চাহ বাগিচাক সামৰি আগতে এনে খেল অনুষ্ঠিত হোৱা নাছিল বুলি উল্লেখ কৰিলে জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰে । এই প্ৰতিযোগিতাই সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশাবাদী তেওঁ –জাৰ্ছি উন্মোচন অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী । চাহ বাগান অঞ্চলত বহু প্ৰতিভা লুকাই আছে বুলি উল্লেখ কৰিলে তেওঁ —

এই প্ৰতিযোগিতাৰ জৰিয়তে এক নতুন ক্ৰীড়া যুগৰ সূচনা হ’ব বুলি মন্তব্য কৰিলে মিঃ ইণ্ডিয়া বিজিত গগৈয়ে । তেওঁ এনে পদক্ষেপৰ বাবে উদ্যোক্তাক জনালে ধন্যবাদ এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াঙ্গনত সুপ্ত প্ৰতিভা উন্মোচিত হ’ব বুলি আশাবাদী ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা । লগতে অসমে ভৱিষ্যতে ক্ৰীড়া সম্পদ লাভ কৰিব বুলি মন্তব্য কৰিছে সাংসদ গৰাকীয়ে —

ইফালে চাহ বাগিচা অঞ্চলৰ খেলুৱৈক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম ফুটবল সন্থাই যিধৰণৰ চিন্তা কৰিব লাগিছিল, অদ্যপি তেনে হোৱা নাই বুলি আক্ষেপ কৰিলে সাংসদ জনে । লগতে অসম ফুটবল সন্থালৈ জনালে এক আহ্বান —

অসমৰ ফুটবল অনুৰাগীৰ আশা —– পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম টি গল্ডেন কাপ সাফল্যমণ্ডিত হৈ উঠক । এনে প্ৰতিযোগিতাৰ মাধ্যমৰে তৃণমূল পৰ্যায়ৰ পৰা বিশ্বমুখী হওক অসমৰ মহিলা ফুটবলাৰ । ফুটবলেৰে বিশ্বজয় কৰক চাহ বাগিচাৰ মহিলা ফুটবলাৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments