অলিম্পিয়া প্ৰতিবেদন
দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত গুৱাহাটীৰ ফুটবল লীগ উভতি আহিছে । কোভিদ পৰিস্থিতিৰ বাবে বিগত দুটা বছৰ প্ৰায় স্থবিৰ হৈ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰিবেশ সলনি হোৱাৰ দিশে । স্থানীয় আৰু যুৱ ফুটবলাৰক অধিক সুযোগ দিয়াৰ মানসেৰে গুৱাহাটী ক্ৰীড়া সন্থাই এইবাৰৰপৰা গুৱাহাটীৰ ফুটবল লীগত বিদেশী খেলুৱৈক অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সন্থাৰ অন্তৰ্গত ৩৬ টা ক্লাবৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাৰ পাছত সন্থাই এই সিদ্ধান্ত লয় ৷ সন্থাৰ সভাপতি পুলক গোস্বামী আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই এই বিষয়ে জনাই কয় যে অসমত প্ৰতিভাৱান ফুটবলাৰৰ অভাৱ নাই যদিও একমাত্ৰ সুযোগৰ অভাৱৰ বাবে তেওঁলোকৰ প্ৰতিভা বিকশিত নহয় ৷ সেয়ে এই ছিজনৰ পৰা গুৱাহাটী ফুটবল লীগত বিদেশী খেলুৱৈক নেখেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে — যাতে তাৰ স্থানত প্ৰতিভাৱান স্থানীয় খেলুৱৈয়ে খেলাৰ সুযোগ পায় ৷ অৱশ্যে আন টুৰ্নামেণ্টৰ বাবে ক্লাবসমূহে বিদেশী খেলুৱৈ পঞ্জীয়ন কৰিব পাৰিব । ইয়াৰ লগতে প্ৰতিটো দলত চাৰিজনকৈ অনূৰ্দ্ধ ২১ খেলুৱৈ অন্তৰ্ভুক্ত কৰা, প্ৰতিজন খেলুৱৈৰ স্বাস্থ্য বীমা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে সন্থাই । ইয়াৰ উপৰি অকৰ্তৃত্বশীল মেচ খেলা খেলুৱৈৰ বিৰুদ্ধে সংশ্লিষ্ট ক্লাবে সন্থাক অভিযোগ দিলে তেনে খেলুৱৈক নিষিদ্ধ কৰাৰ বিষয়েও বিবেচনা কৰি থকা হৈছে ৷ আনহাতে, সন্থাৰ ফুটবল সম্পাদক এল প্ৰণৱ সিঙে জনোৱা মতে ২০২২-২৩ বৰ্ষৰ জি এছ এ ফুটবল ছিজন ৬ জুনৰ পৰা চি ডিভিজন কোৱালিফাইং ৰাউণ্ডেৰে আৰম্ভ হ’ব ৷ ৭ ৰপৰা ৯ জুনলৈ সন্ধিয়া ৫ বজাৰপৰা ৭ বজালৈ সকলো ডিভিজনৰ আন্ত:ক্লাব ক্লিয়েৰেন্স আৰু ১০ জুনৰ সন্ধিয়া ৫ বজাৰপৰা ৭ বজালৈ উইথড্ৰৱেল দিন ধাৰ্য কৰা হৈছে ৷ ১৫ জুনৰ পৰা ১৮ জুনলৈ চি আৰু বি ডিভিজন খেলুৱৈ পঞ্জীয়ন ৷ ১৯ জুনৰপৰা আৰম্ভ হ’ব ‘চি’ আৰু ‘বি’ ডিভিজন ফুটবল লীগ ৷ ১৫ জুলাইৰ পৰা আৰম্ভ হ’ব এন এন ভট্ট নকআউট ফুটবল টুৰ্নামেণ্ট ৷ ১৫ ৰপৰা ২০ জুলাইলৈ ‘এ’ আৰু ছুপাৰ ডিভিজন লীগৰ খেলুৱৈৰ পঞ্জীয়নৰ দিন ধাৰ্য কৰা হৈছে ৷ ২২ জুলাইৰ পৰা ‘এ’ ডিভিজন ফুটবল লীগ অনুষ্ঠিত হ’ব ৷ এই সকলো খেল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ ছুপাৰ ডিভিজন আৰু বৰদলৈ ট্ৰফীৰ লগতে প্ৰথমবাৰৰ বাবে আয়োজন হ’ব লগা আন্তঃক্লাব মহিলা ফুটবল লীগ, অনূৰ্দ্ধ ১৩ আৰু ১৬ বছৰৰ লীগ তথা স্কুল লীগৰ সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব বুলি জনাইছে সন্থাই ৷