গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সভা স্থগিত

ৰাজ্যত শেহতীয়াকৈ ক’ভিড-১৯ ৰ সংক্ৰমণে সৃষ্টি কৰা পৰিবেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সভা স্থগিত ৰখা হৈছে। আগন্তুক ৮ মে’ তাৰিখে সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবেই অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। যাৰ বাবে সন্থাৰ নিৰ্বাচন, কাৰ্যনিৰ্বাহক সভাও স্থগিত ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *