Friday, September 30, 2022
HomeNewsগুৱাহাটী ছাইত খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপ

গুৱাহাটী ছাইত খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপ

গুৱাহাটী ছাইত খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী ছাইত খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপ । ৯ খন ৰাজ্যৰ অংশগ্ৰহণ । সমাবেশ ঘটিব প্ৰায় দুই শতাধিক মহিলা বক্সাৰ ।

দেশত প্ৰায় ৩ হেজাৰ সম্ভাৱনাময় বক্সাৰৰ অংশগ্ৰহণৰে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই এক আঁচনি প্ৰস্তুত কৰিছে । দেশজুৰি নতুন প্ৰতিভাৰ সন্ধানত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ সহযোগত পাঁচটা মাণ্ডলিক বক্সিং প্ৰতিযোগিতা আৰম্ভ হ’ব ।

প্ৰথম পৰ্যায়ত জুনিয়ৰ ছোৱালী আৰু য়ুথ মহিলা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ১৫ ছেপ্টেম্বৰ, বৃহস্পতিবাৰৰ পৰা গুৱাহাটী ছাইত আৰম্ভ হৈছে পূব মণ্ডল ছোৱালী বক্সিং প্ৰতিযোগিতা । পূব মণ্ডলত ৯ খন ৰাজ্যই অংশগ্ৰহণ কৰিব । অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্যসমূহ হ’ল — অসম, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, ছিকিম আৰু পশ্চিম বংগ । বুধবাৰ পৰ্যন্ত প্ৰায় ২০০ গৰাকী বক্সাৰে নাম পঞ্জীয়ন কৰিছে । বুধবাৰে গুৱাহাটীৰ ছাইত আয়োজিত এক সংবাদমেলত এই কথা জনালে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সম্পাদক হেমন্ত কলিতাই —-

উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাৰ মাধ্যমেৰে প্ৰতিটো মণ্ডলৰ পৰা শ্ৰেষ্ঠ চাৰিগৰাকী বক্সাৰক বাছনি কৰা হ’ব ৰাষ্ট্ৰীয় আন্তঃমণ্ডল বক্সিং চেম্পিয়নশ্বিপলৈ । ৰাষ্ট্ৰীয় আন্তঃমণ্ডলত স্বৰ্ণ আৰু ৰূপজয়ীসকলে ভাৰতীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ট্ৰায়েলত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব ।

উল্লেখযোগ্য যে, জুনিয়ৰ বাবে ১৩ টা ওজন গোটৰ শাখাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । য়ুথৰ বাবে ওজনৰ শাখা আছে মুঠ ১২ টা । পাছৰ পৰ্যায়ত ছিনিয়ৰ ৱমেন আৰু ছাব জুনিয়ৰ ৱমেনৰ খেলসমূহ অনুষ্ঠিত হ’ব ।

অসমৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰায় ৭০ গৰাকী বক্সাৰে নাম পঞ্জীয়ন কৰিছে । এই প্ৰতিযোগিতাক লৈ আশাবাদী ছাই আৰু বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া । তৃণমূল পৰ্যায়ৰ পৰা কোনো খেলুৱৈ যাতে এই প্ৰতিযোগিতাৰ পৰা বাদ পৰি নাযায়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিছে ফেডাৰেচনে । শ্ৰেষ্ঠ খেলুৱৈসকলক যাতে পিক আপ কৰিব পাৰি, তাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তেওঁলোকে ।

বুধবাৰে গুৱাহাটীৰ ছাইত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকিল গুৱাহাটী ছাইৰ সঞ্চালক সতীশ ছাৰহাদী, সহ সঞ্চালক সৰ্বাদৈন্য থাকৰে ।ক্ৰীড়া অনুৰাগীৰ আশা —- পূব মণ্ডল বক্সিং চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হওক । এনে প্ৰতিযোগিতাৰ আচলত ধৰিয়েই আন্তঃৰাষ্ট্ৰীয়মুখী হওক অসমৰ উদিত মহিলা বক্সাৰ । অসমত পুনৰ অংকুৰিত হওক কল্পনা , লাভলীনা, অংকুশিতা, যমুনা আদিৰ দৰে তাৰকা বক্সাৰৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments