Sunday, October 2, 2022
HomeNewsগুৱাহাটী টাউন ক্লাবত দবাৰ গ্ৰাঁ প্ৰি

গুৱাহাটী টাউন ক্লাবত দবাৰ গ্ৰাঁ প্ৰি

গুৱাহাটী টাউন ক্লাবত দবাৰ গ্ৰাঁ প্ৰি

অলিম্পিয়া প্রতিবেদন: গুৱাহাটী টাউন ক্লাব দবা ফাউণ্ডেচনে ২০২২ -২৩ বৰ্ষৰ বাবে অহা ২৪ এপ্ৰিলৰ পৰা পুনৰ গ্ৰাঁ প্রি দবা টুৰ্ণামেণ্টৰ আয়োজন কৰিছে । জজ খেলপথাৰৰ গুৱাহাটী টাউন ক্লাবৰ দবা প্ৰশিক্ষণ হলত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ নিয়ম অনুসৰি মুঠ ১২ মাহত ১২ খন টুৰ্ণামেণ্ট হ’ব । বছৰৰ প্রতিটো মাহৰ শেষৰটো দেওবাৰে এখনকৈ টুৰ্ণামেণ্ট হ’ব । এই টুৰ্ণামেণ্ট ৯ বছৰ অনুৰ্দ্ধ, ১৫ বছৰ অনূৰ্দ্ধ আৰু অ’পেন শাখাত সকলো খেলুৱৈৰ বাবে মুকলি থাকিব। ৬, ৯, ১১, ১৩ ১৫ , ১৯ বছৰ অনূৰ্দ্ধ তথা অপেনৰ শীৰ্ষ তিনিগৰাকী খেলুৱৈক বঁটা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব । আগ্ৰহীসকলে বিতং জানিবলৈ হলে কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব । এই বাতৰি প্ৰেৰণ কৰিছে জি টি চি দবা ফাউণ্ডেচনৰ সঞ্চালক বিশ্বজিত ভৰদ্বাজে ।

আৰু অধিক পঢ়ক

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments