গোলাঘাটত ফুটছালৰ বতাহ
অলিম্পিয়া প্ৰতিবেদন: গোলাঘাটত ফুটছালৰ বতাহ । দুভৰিৰ ছন্দত প্ৰাণ পাই উঠিল গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ । ফাইনেলত চেম্পিয়ন কমাৰগাঁও এফ চি । পৰাভূত গোলাঘাট ছাই । খেলুলৈসকলক এখন প্ৰতিযোগিতাৰ মঞ্চ দিবৰ বাবে গোলাঘাট জিলা ক্ৰীড়া সন্থাই গ্ৰহণ কৰিলে এক আদৰণীয় পদক্ষেপ ।পোনপ্ৰথমবাৰৰ বাবে গোলাঘাট জিলা ক্ৰীড়া সন্থাই আয়োজন কৰিলে আন্তঃক্লাব ফুটছাল প্ৰতিযোগিতা । যাক কোৱা হয় ফুটবলৰ এক ক্ষুদ্ৰ সংস্কৰণ ।
এই সুন্দৰ প্ৰতিযোগিতাত নিজৰ প্ৰদৰ্শন আগবঢ়ালে ২০ টাকৈ শক্তিশালী দলে । দলসমূহ হ’ল ক্ৰমে– জি ডি এচ এ ক’চিং (জুনিয়ৰ) , জি ডি এচ এ ক’চিং (ছিনিয়ৰ) , ছিনিয়ৰ ক্ৰিকেটাৰছ , গোলাঘাট ক্ৰিকেটাৰছ , ছাই (বি দল) , মৰ্ণিং ষ্টাৰ , মহিমা চাহ বাগান , দেৰগাঁও ভেটাৰ্ণ , গ’ল্ডেন ক্লাব , মেৰাপানী , ফ’ৰ এইচ ক্লাব , বেতিয়নি ক্লাব , গ্ৰীণৱৰ্ল্ড ক্লাব , আন্তৰিক , কমাৰগাঁও ক্লাব , ফলঙনী ক্লাব , ছাই (এ দল) , দেৰগাঁও ৭ ষ্টাৰ আদি ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
যোৱা শনিবাৰে খেলৰ পূৰ্বে উদ্বোধনী অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, উপ সভাপতি দীনেশ গগৈ আৰু সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈক খেলুৱৈ সকলৰ সৈতে চিনাকী কৰাই দিয়া হয় । ক্ৰীড়াঙ্গনত ফুটছালৰ জন্মৰ কথা বাখ্যা কৰিলে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি দীনেশ গগৈয়ে ।
শনিবাৰে উদ্বোধনী দুখন মেচত জি ডি এছ ক’চিং ছিনিয়ৰে জি ডি এছ এ ক’চিং জুনিয়ৰক ১-০ গ’লত আৰু আমোলাপট্টি ক্লাবে দেৰগাও ষ্টাৰক ৩-০ গ’লত পৰাভূত কৰে ।দেওবাৰে ফাইনেলৰ যুঁজত অৱৰ্তীণ হ’ল কমাৰগাঁও এফ চি বনাম গোলাঘাট ছাই । তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত যুঁজত গোলাঘাট ছাইক ৩-০ গ’লত পৰাস্ত কৰি কমাৰগাঁও এফ চিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । ফাইনেলত কমাৰগাঁৱে দমনীয় খেল প্ৰদৰ্শন কৰে । কমাৰগাঁও দলৰ হৈ বিশাল ৰবিদাসে ২ টা আৰু ৰোশন বাৰ্লাই এটা গ’ল স্কৰ কৰে ।
হাতত ট্ৰফী লৈ বিজয়ী কমাৰগাও এফ চি দল
হাতত ট্ৰফী লৈ বিজয়ী কমাৰগাও এফ চি দলৰ খেলুৱৈৰ মুখত বিৰিঙিল উল্লাসৰ হাঁহি । প্ৰতিযোগিতাৰ বিজয়ী আৰু বিজিত দলৰ লগতে ফেয়াৰ প্লে ট্ৰফী প্ৰদান কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি দীনেশ গগৈ, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, ৰাজ্যিক ভলীবল সম্পাদক প্ৰকাশ বৰা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক ৰূপক দত্ত, ফুটবল সম্পাদক মোস্তাক খান আদিয়ে । প্ৰতিভাৱান খেলুৱৈক লৈ এটা দল গঠন কৰাৰ কথা উল্লেখ কৰিলে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াই ।
ক্ৰীড়া অনুৰাগীৰ আশা — অসমৰ গাঁৱে ভূঞে সমাদৃত হওক ফুটছাল । ফুটবলৰ ক্ষুদ্ৰ সংস্কৰণক আদৰি লওক অসমৰ নৱ প্ৰজন্মই ।