Sunday, October 2, 2022
HomeNewsগোলাঘাটৰ প্ৰীতি ফুটবলত শ্বিলঙৰ লাজং একাদশৰ জয়লাভ

গোলাঘাটৰ প্ৰীতি ফুটবলত শ্বিলঙৰ লাজং একাদশৰ জয়লাভ

অলিম্পিয়াৰ হৈ মৃদুল শৰ্মা , গোলাঘাট

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ শতবৰ্ষ উদযাপনৰ তিনিদিনীয়াকৈ আয়োজন কৰা আৰম্ভনী অনুষ্ঠানৰ অন্তিমদিনা সোমবাৰে অনুষ্ঠিত প্ৰীতি ফুটবল খেলত শ্বিলঙৰ লাজং একাদশে দুলীয়াজানৰ অইল ইণ্ডিয়া একাদশক ২-১ গ’লত পৰাস্ত কৰে । প্ৰথমাৰ্ধত অইলে এটা আত্মঘাতী গ’ল হজম কৰিব লগীয়া হয় । ফলত প্ৰথমাৰ্ধত লাজং ১-০ গ’লত আগবাঢ়ি থাকে । দ্বিতীয়াৰ্ধত অইলৰ মিণ্টু বৰুৱাই ১ টা গ’ল পৰিশোধ কৰাত খেলখন ১-১ গ’লত ড্ৰ হৈ পৰাত আকৰ্ষণীয় হৈ পৰে । লাজঙে উপৰ্যুপৰি অইলৰ গ’লত আক্ৰমণ চলাই যায় । ফলত খেলৰ শেষৰ ফালে লাজঙৰ ষ্টিফেন সিং বানিয়ে এটা গ’ল স্কৰ কৰাত লাজঙে ২-১ গ’লত জয়লাভ কৰে । খেলখন পৰিচালনা কৰে সুমন্ত দত্তই আৰু লাইনত সহায় কৰে সুশান্ত বৰা আৰু ৰঞ্জিত শ্ৰেষ্ঠই । সামৰণি অনুষ্ঠানত আন্তৰাষ্ট্ৰীয় মহিলা ফুটবলাৰ ৰমিলা ক’লক ক্ৰীড়াসন্থাৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ উপ সভাপতি লাৰসিং, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ, বিশিষ্ট ক্ৰীড়া সংগঠক তৰুণ দত্ত, উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, ক্ৰীড়া বিষয়া ছেমী শইকীয়া, কাৰ্বি আংলঙৰ জিলা ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাং , জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডা৹ অজিত বৰুৱা, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ আদি । আৰম্ভণিতে আৰক্ষীৰ পুলিচ বেণ্ড, মাৰ্চিয়েল আৰ্টৰ কলা কৌশল, ভোৰতাল নৃত্য আদিৰ প্ৰদৰ্শনে ৰাইজৰ সমাদৰ লাভ কৰে । অনুষ্ঠানটোৰ আঁত ধৰে অজয় ভৰালীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments