Thursday, September 29, 2022
HomeNewsগোলাঘাট জিলাভিত্তিত আন্তঃক্লাব এথলেটিকছ প্ৰতিযোগিতা

গোলাঘাট জিলাভিত্তিত আন্তঃক্লাব এথলেটিকছ প্ৰতিযোগিতা

গোলাঘাটৰ পৰা মৃদুল শৰ্মাৰ প্ৰতিবেদন

গোলাঘাট জিলা ক্ৰীড়াসন্থাই ১০ নবেম্বৰৰ পুৱা ৮ বজাৰ পৰা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ক্লাবসমূহৰ মাজত এখনি এথলেটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ দৌৰ, লং জাম্প, শ্বটপুট , ডিচকাচ থ্ৰ’ আৰু জেভলিন থ্ৰ’ৰ খেল প্ৰতিযোগিতাত অনুষ্ঠিত হ’ব৷ ১৪, ১৬, ১৮ আৰু ২০ বছৰৰ অনুৰ্ধ প্ৰতিযোগীৰ লগতে ২০ ৰ উৰ্ধৰ পুৰুষ-মহিলা খেলুৱৈৰ বাবেও প্ৰতিযোগিতাখন মুকলি থাকিব৷ ১৪ আৰু ১৬ বছৰ অনুৰ্ধ খেলুৱৈ সকলে জন্মৰ প্ৰমাণপত্ৰ আৰু ১৬ বছৰ উৰ্ধৰ খেলুৱৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডসহ ৮ নবেম্বৰৰ ভিতৰত জিলা ক্ৰীড়াসন্থাৰ কাৰ্যালয়ত জমা দিব লাগিব৷ অধিক তথ্যৰ বাবে জিলা ক্ৰীড়াসন্থাৰ এথলেটিকচ সম্পাদক প্ৰিঞ্চ বৰাৰ লগত ৭০০২৮৪৭৪২৫ নম্বৰত যোগাযোগ কৰিব পাৰিব৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments