আই পি এলৰ নতুন ফ্ৰেঞ্চাইজিৰ মালিক হব গৌতম আদানি। খবৰ অনুসৰি আই পি এলৰ নতুন ফ্ৰেঞ্চাইজি আহমেদাবাদ ক্ৰয় কৰিবলৈ আগ্ৰহী আদানিৰ গ্ৰুপ। ইয়াৰ উপৰিও দক্ষিণৰ তাৰকা অভিনেতা মোহনলাল, সঞ্জীৱ গোয়েংকাৰ RPSG গ্ৰুপেও আহমেদাবাদ ফ্ৰেঞ্চাইজি ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ ডিচেম্বৰ মাহত অুনুষ্ঠিত হব বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হব। এই সভাতেই নতুন ফ্ৰেঞ্চাইজিৰ বিষয়ে চূড়ান্ত সিদ্ধাত লোৱা হব। তথাপিও খবৰ অনুসৰি গৌতম আদানিয়েই যে নতুন ফ্ৰেঞ্চাইজিৰ মালিকিস্বত্ব লাভ কৰাৰ সম্ভাৱনা অধিক।