Tuesday, July 5, 2022
HomeNewsগৌতম গম্ভীৰ আৰু কে এল ৰাহুলৰ বিশেষ ফটো ভাইৰেল

গৌতম গম্ভীৰ আৰু কে এল ৰাহুলৰ বিশেষ ফটো ভাইৰেল

গৌতম গম্ভীৰ আৰু কে এল ৰাহুলৰ বিশেষ ফটো ভাইৰেল

অলিম্পিয়া প্ৰতিবেদন: গৌতম গম্ভীৰৰ বিশেষ কেইখনমান ফটো । কেমেৰাৰ লেন্সত আবদ্ধ আই পি এল চলি থকা মুহুৰ্তত গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া । ছচিয়েল মিডিয়াত ভাইৰেল ফটো । এলিমিনেটৰ মেচত লক্ষ্ণৌ বাহিৰ হোৱাৰ পাছত গম্ভীৰৰ অপ্ৰকাশিত প্ৰতিক্ৰিয়া কল্পনা কৰিছে একাংশ অনুৰাগীয়ে ।

গৌতম গম্ভীৰ । ভাৰতীয় ক্ৰিকেটৰ জাতীয় আবেগ গম্ভীৰ । এটাসময়ত ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য অপেনাৰ গম্ভীৰ বৰ্তমান আই পি এলৰ নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অন্যতম পৰামৰ্শদাতা । তেওঁৰ পৰামৰ্শতে দলটোৱে কে এল ৰাহুলৰ নেতৃত্বত চলিত আই পি এল ছিজনৰ ১৪ খন মেচৰ ভিতৰত ৯ খন মেচত জয়ৰ মালা পিন্ধিলে । ফলত এলিমিনেটৰ মেচ পৰ্যন্ত আগুৱাই গ’ল লক্ষ্ণৌ ছুপাৰ কিংছ ।

আৰু অধিক পঢ়ক

পিছে বুধবাৰে ইডেন গাৰ্ডেনত অনুষ্ঠিত আৰ চি বিৰ বিৰুদ্ধে মেচখনত ভাগ্যই যেন লগ নিদিলে লক্ষ্ণৌক । অশেষ চেষ্টা কৰিও কোৱালিফায়াৰ – ২ লৈ উন্নীত হ’ব নোৱাৰিলে দলটো । ডাগ আউটৰ বাহিৰত মেচখন অত্যন্ত মনোযোগেৰে প্ৰত্যক্ষ কৰিছিল গৌতম গম্ভীৰে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰতিটো বাউণ্ডেৰীত জয়ৰ উল্লাস উদযাপন কৰিছিল গম্ভীৰে । যেতিয়া কে এল ৰাহুলে আৰ চি বিৰ খেলুৱৈ দীনেশ কাৰ্তিকৰ কেচটো মিচ কৰিছিল, তেতিয়াও গম্ভীৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল । ইনিংছটোত লক্ষ্ণৌ দলে মুঠ চাৰিটা গুৰুত্বপূৰ্ণ কেচ মিছ কৰা কথাই দলটো পৰাস্ত হোৱাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে ।

এলিমিনেটৰ মেচত মৰণপণ যুঁজ দিও বিফল হল লক্ষ্ণৌ । এককথাত ১৪ ৰাণত দলটো বিধ্বস্ত হোৱা প্ৰত্যক্ষ কৰিছিল তেওঁ । দলৰ ফিল্ডিং অত্যন্ত দুৰ্বল আছিল । এই মুহুৰ্তত গৌতম গম্ভীৰে কিছু আবেগ প্ৰকাশ কৰিছিল, যি কেমেৰাৰ লেন্সত ধৰা পৰিছিল ।

ইয়াকে, লৈ একাংশ অনুৰাগীয়ে গৌতম গম্ভীৰ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছক কৰিছে ট্ৰল । অনুৰাগীসকলে কল্পনা কৰিছে — গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া । কিছুমানে হাস্যৰসৰ উদ্ৰেক ঘটাবলৈ শ্বেয়াৰ কৰিছে কিছু সম্পাদিত ভিডিঅ’ । একাংশই যেন ইয়াকেই বুজাব খুজিছে, দলটোৰ খেলুৱৈৰসকলৰ লগতে অধিনায়ক কে এল ৰাহুলৰ ওপৰত বহুত ক্ষোভ জমা হৈ আছে গৌতম গম্ভীৰৰ । এনেধৰণৰ ফটো বৰ্তমান ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা ।

এই সমালোচনা একাষৰীয়া কৰি এটা কথা ক’ব পাৰি যে খেলত হৰা জিকা নতুন বিষয় নহয় । নতুন দল হিচাপে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চলিত আই পি এলত যি প্ৰদৰ্শন আগবঢ়ালে, সেয়া ক্ৰিকেট বিশ্বই নিশ্চয় শলাগিব ।দলটোৰ উত্থানত গৌতম গম্ভীৰৰ অৱদান উল্লেখযোগ্য । তথাপি আই পি এলত চেম্পিয়নৰ বাবে আৰু এটা বছৰ বাট চাব লাগিব লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । ফাইনেলত উপনীত হোৱাৰ পৰিৱৰ্তে এই ছিজনৰ আই পি এলৰ পৰা বিদায় লোৱাত বিষণ্ণ হৈ পৰিছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments