Tuesday, October 4, 2022
HomeNewsগ্ৰুপৰ অন্তিমখন মেচত জয়লাভ কৰি ডুৰাণ্ড কাপত অভিযান সামৰিলে নৰ্থ ইষ্ট ইউনাইটেডে

গ্ৰুপৰ অন্তিমখন মেচত জয়লাভ কৰি ডুৰাণ্ড কাপত অভিযান সামৰিলে নৰ্থ ইষ্ট ইউনাইটেডে

গ্ৰুপৰ অন্তিমখন মেচত জয়লাভ কৰি ডুৰাণ্ড কাপত অভিযান সামৰিলে নৰ্থ ইষ্ট ইউনাইটেডে

অলিম্পিয়া প্ৰতিবেদন: ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল । সন্মান ৰক্ষাৰ যুঁজত নামিল নৰ্থ ইষ্ট ইউনাইটেড ।
অন্তিম মেচত নৰ্থ ইষ্টৰ হাতত পৰাভূত সুদেবা দিল্লী এফ চি গ্ৰুপৰ অন্তিমখন মেচত জয়লাভ কৰি ঐতিহ্যমণ্ডিত ১৩১ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান সামৰিলে আই এছ এলৰ উত্তৰ – পূবৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ।
উল্লেখ্য যে ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাত শুক্ৰবাৰে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা
গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত মেচত নৰ্থ ইষ্ট ইউনাইটেডে ২-০ গ’লত পৰাস্ত কৰে সুদেবা দিল্লী এফ
চিক । প্রথম তিনিখন মেচত ক্রমাগত পৰাজয় বৰণ কৰা নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে শুক্ৰবাৰৰ খেলখন আছিল
সন্মানৰক্ষাৰ যুঁজ ।

উল্লেখ্য যে উত্তৰ পূৱৰ দলটো ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলৰ পৰা আঁতৰি আহিছে । কিন্তু নিজস্ব অন্তিম মেচত দলটোৱে প্ৰথমবাৰৰ
বাবে সংঘবদ্ধৰূপত খেলিবলৈ সফল হয় । খেলৰ প্ৰথমাৰ্ধ গ’লশূন্যৰূপত সমাপ্ত হোৱাৰ পাছত ৬৪ মিনিটত দীপু
মিৰ্দ্ধাৰ গ’লেৰে মেচত ১-০ ৰ অগ্ৰগতি লয় নর্থ ইষ্ট ইউনাইটেডে । আনহাতে, ইঞ্জুৰী টাইমত দলৰ হৈ ৯৬ মিনিটত দ্বিতীয়টো গ’ল কৰে গানি আহমেদ নিগমে ।

উল্লেখ্য যে নর্থ ইষ্ট ইউনাইটেডে চাৰিখন মেচত তিনিটা গ’ল কৰাৰ বিপৰীতে ১১ টা গ’ল হজম কৰিব লগা হ’ল । ইফালে, প্রথম তিনিখন মেচ ড্র খেলা দিল্লী দলে আজি অন্তিম মেচত পৰাস্ত হোৱাত প্ৰতিযোগিতাত জয়ৰ মুখ নেদেখিলে । ইফালে, গ্রুপ ‘ডি’ৰ পৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে
কেৰালা ব্লাষ্টাৰ্ছ আৰু ওড়িছা এফ চি ।

ক্ৰীড়া অনুৰাগীৰ আশা — অসমত ডুৰাণ্ড কাপ ট্ৰফী সাফল্যমণ্ডিত হৈ উঠক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments