COLOMBO, SRI LANKA - OCTOBER 07: West Indies team with the trophy after winning the ICC World Twenty20 2012 Final between Sri Lanka and the West Indies at R. Premadasa Stadium on October 7, 2012 in Colombo, Sri Lanka. (Photo by Gareth Copley/Getty Images)

ঘুৰি আহিবনে কেৰিবিয়ান ক্ৰিকেটৰ সুদিন?

Photo : internet

১৯ মে’, গুৱাহাটী : এসময়ত বিশ্ব ক্ৰিকেটত সন্ত্ৰাসৰ নাম আছিল ৱেষ্ট ইণ্ডিজ৷ যিকোনো বলিং আক্ৰমণ থান বান কৰি দিব পৰা এফালে ক্লইভ লয়েড, ভিভিয়ান ৰিছাডছ, ডেচমণ্ড হেইন্স ৰিচি ৰিচাৰ্ডচন, ব্ৰায়ান লাৰাৰ দৰে বিধংসী বেটছমেন আনফালে কাট’লে এমব্লোছ, মেলকম মাৰ্ছেল, কাট’লী ৱালচ, পেট্ৰিক পিটাৰছেন, মাইকেল হল্ডিং, এণ্ডি ৰবাৰ্টচনৰ দৰে নাম সৃষ্টিকাৰী বলাৰ৷ বিশ্ব ক্ৰিকেটৰ অন্যতম নায়ক তেওঁলোক৷ কেৰিবিয়ান ক্ৰিকেটৰ স্বৰ্ণযুগৰ অন্যতম কাণ্ডাৰী৷ তিনিবাৰৰ এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ আৰু দুবাৰৰ টি-২০ বিশ্বকাপৰ বিজয়ী ৱেষ্ট ইণ্ডিজ৷ কিন্তু এতিয়া পূৰ্বৰ সেই গৰিমা, গৌৰৱ জানো আছে দলটোৰ! দুই এজন ক্ৰিকেটাৰৰ বাদে বাকী সকলোবোৰেই অসমৰ্থ কেৰিবিয়ান ক্ৰিকেটৰ গৌৰৱ ধৰি ৰখাত৷ দেশখনত ক্ৰিকেট সংস্কৃতিৰ অৱক্ষয়েই ইয়াৰ কাৰণ৷

এসময়ত ক্ৰিকেটক ধৰ্মৰ দৰে পালন কৰা হৈছিল ৱেষ্ট ইণ্ডিজত৷ ক্ৰিকেট আছিল সমন্ধয়ৰ সেতু৷ কিন্তু এতিয়া সেই পৰিৱেশ নাই দেশখনত৷ ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ যেন হেৰুৱাই পেলাইছে নৱ প্ৰজন্মই৷ শেহতীয়াকৈ দেশখনৰ কেইগৰাকীমান প্ৰাক্তন ক্ৰিকেটাৰে দেশত ক্ৰিকেট জনপ্ৰিয়তা হ্ৰাস হোৱা বিষয়টোত দূুখ প্ৰকাশ কৰিছে৷ উদ্বেগ বিশ্ব ক্ৰিকেট সম্প্ৰদায়ৰো৷ সকলোৰে আশা উভতি আহিব কেৰিবিয়ান ক্ৰিকেটৰ সোণালী সুদিন৷ ছন্দময় হ’ব বিশ্ব ক্ৰিকেট৷

Leave a Reply

Your email address will not be published. Required fields are marked *