Sunday, October 2, 2022
HomeNewsচচলৰ টেনিছ কমপ্লেক্সত এডভান্স টেনিছ প্ৰশিক্ষণ শিবিৰ আৰম্ভ

চচলৰ টেনিছ কমপ্লেক্সত এডভান্স টেনিছ প্ৰশিক্ষণ শিবিৰ আৰম্ভ

চচলৰ টেনিছ কমপ্লেক্সত এডভান্স টেনিছ প্ৰশিক্ষণ শিবিৰ আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন: এজাক উদীয়মান টেনিছ খেলুৱৈ ব্যস্ত অনুশীলনত । ৬ খন কৰ্টত শিকিছে টেনিছৰ ন-ন কৌশল । খেলুৱৈৰ হট শ্বটত জীপাল চচলৰ টেনিছ প্ৰকল্প । সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত চচলৰ টেনিছ কমপ্লেক্সত ২২ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে এডভান্স টেনিছ প্ৰশিক্ষণ শিবিৰ । ১৬ বছৰ অনূৰ্ধৰ খেলুৱৈক টেনিছৰ ক্ৰীড়া কৌশল উন্নীতকৰণৰ বাবে আয়োজন কৰা হৈছে এই শিবিৰ । গুৱাহাটীৰ উপৰি যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আদি জিলাৰ মুঠ ৩২ জন অগ্ৰণী খেলুৱৈৱে অংশ লৈছে এই প্ৰশিক্ষণ শিবিৰত । লন টেনিছৰ নতুনত্ব শিকোৱাৰ উপৰি খেলুৱৈকসকলক দিয়া হৈছে শাৰিৰীক প্ৰশিক্ষণ ।

আৰু অধিক পঢ়ক

সকলো খেলুৱৈয়ে উজাৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব । উন্নত মানৰ প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে বাংগালুৰুৰ ৰোহন বোপান্না একাডেমীৰ পৰা এই শিবিৰলৈ আহিছে দুগৰাকী প্ৰশিক্ষক । এগৰাকী হ’ল ভাৰতৰ নামজ্বলা টেনিছ প্ৰশিক্ষক সাগৰ মানজানা আৰু আনগৰাকী ফিজিকেল ইনষ্ট্ৰাকটৰ ধ্ৰুৱ বাল্লামা । এই সন্দৰ্ভত মন্তব্য কৰিছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই । ইফালে অসমৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত ৰোহন বাপান্না একাডেমীৰ দুয়োগৰাকী প্ৰশিক্ষক । এক সুন্দৰ অভিজ্ঞতা লাভ কৰিছে বুলি মন্তব্য কৰে বেংগলুৰৰ প্ৰশিক্ষক দুজনে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, নেচনেল গেমচৰ সময়ত ২০০৭ চনত আৰম্ভ হৈছিল এই চচলৰ টেনিছ কমপ্লেক্স । ২০০৮ চনৰ পৰাই অনুষ্ঠিত কৰি আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল । এই টেনিছ কৰ্টৰ পৰাই জন্ম হৈছে বহু ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ । তাৰ ভিতৰত উদিত গগৈ, প্ৰিয়না কলিতা , কৃষ্টি বড়ো, জিজ্ঞাসমান হাজৰিকা, মন্নন নাথ, অন্তৰীক্ষ তামূলী আদি অন্যতম । স্থায়ীভাৱে, চচল টেনিছ কমপ্লেক্সত ৬ খন কৰ্টৰ বাবে আছে ৬ গৰাকী প্ৰশিক্ষক। তেওঁলোক হল –অংশুমান দত্ত, দ্বীপচান প্ৰসাদ, শুভম পাত্র ,ৰূপম বড়ো, টুটু থাপা আৰু দিগন্ত কলিতা ।

চলিত ছিজনত টেনিছৰ বাবে আহি আছে কেইবাখনো উন্নতমানৰ টুৰ্ণামেন্ট । সেই টুৰ্ণামেন্টৰ বিষয়ে জনালে চচল টেনিছ কমপ্লেক্সৰ মুখ্য পৰিচালক অংকুশ দত্তই ।চলিত প্ৰশিক্ষণ শিবিৰে সফল ৰূপ পালে বছৰেকত এনেধৰণৰ ৩ বা ৪ টা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ হেঁপাহ ৰাখিছে উদ্যোক্তাই । ক্ৰীড়া অনুৰাগীৰ আশা — বেংগালুৰুৰ দুই প্ৰশিক্ষকৰ তত্বাৱধানত অসমৰ টেনিছ খেলুৱৈয়ে শিকক টেনিছৰ ন-ন কৌশল । ক্ৰীড়া জগতত অপ্ৰতিৰোধ্য হৈ উঠক অসমৰ উদিত টেনিছ খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments