Wednesday, August 10, 2022
HomeNewsচতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা 

চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা 

চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: পানী খাইতি, গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰু দবা খেলুৱৈ অভিভাৱক ফোৰামৰ দ্বাৰা আয়োজিত চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ ষষ্ঠ ৰাউণ্ডৰ শেষত শীৰ্ষ বাছনিৰ পশ্চিমবংগৰ অৰ্পণ দাসে ৬ পইণ্ট অৰ্জন কৰি একক অগ্ৰগতি লাভ কৰিছে ।

অৰ্পণে ষষ্ঠ ৰাউণ্ডৰ খেলত দ্বিতীয় বাছনিৰ বিহাৰৰ আশুতোষ কুমাৰক পৰাজিত কৰে । আশুতোষ কুমাৰকে ধৰি ৮ জন খেলুৱৈ, পশ্চিমবংগৰ ৰূপম মুখাৰ্জী, অসমৰ টানিশা এ আৰ সোম, পদ্ম গগৈ, নীলাভজ্যোতি বৰঠাকুৰ, চাৰ্ভী চৌধুৰী, অবিনাশ পি গগৈ আৰু অশ্বীন শৰ্মাই সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্টকৈ অৰ্জন কৰি দ্বিতীয় স্থানত আছে ।

আৰু অধিক পঢ়ক

ষষ্ঠ ৰাউণ্ডৰ খেলত দ্বিতীয় বৰ্ডত অসমৰ নীলাভজ্যোতি বৰঠাকুৰ আৰু পদ্ম গগৈৰ খেল অমীমাংসিত হৈ অন্ত পৰে । পশ্চিমবংগৰ ৰূপম মুখাৰ্জীয়ে বিহাৰৰ কিষান কুমাৰক পৰাজিত কৰে । অসমৰ অশ্বীন শৰ্মাই অসমৰে প্ৰদীপ ভূঞাক পৰাজিত কৰে । টানিশা এ আৰ সোমে কোচিন দাসক আৰু অবিনাশ পি গগৈয়ে প্ৰানগোবিন্দ পৰাশৰ কাশ্যপক পৰাজিত কৰে ।

প্ৰতিযোগিতাৰ সপ্তম ৰাউণ্ডৰ খেলসমূহ বৃহস্পতিবাৰৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব । প্ৰতিযোগিতা খন ৩ জুলাইত আৰম্ভ হৈছে আৰু ৮ জুলাইত অন্ত পৰিব । প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ৯ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈ আছে । ৬৩ জন ফিডে ৰেটেড খেলুৱৈসহ মুঠ ১৪০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত অসমকে ধৰি বাংলাদেশ, ত্ৰিপুৰা, পশ্চিমবংগ, বিহাৰ, মহাৰাষ্ট্ৰ, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

মুঠ দুই লাখ টকা প্ৰাইজমানি সম্বলিত এই প্ৰতিযোগিতাত বিজয়ী খেলুৱৈজনে ৩০,০০০ টকা প্ৰাইজমানি হিচাপে লাভ কৰিব । সৰ্বভাৰতীয় দবা মহাসংঘ আৰু বিশ্ব দবা মহাসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিযোগিতাখন পৰিচালনা কৰিছে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে আৰু সহযোগ কৰিছে ফিডে আৰ্বিটাৰ মনিমালা সিনহা, গোলাপ গগৈ, ৰবিকান্ত তিৱাৰী, পান্না আহমেদ আৰু নিৰ্মল দাসে ।

প্ৰণৱ কুমাৰ নাথ,
চীফ আৰ্বিটাৰ
চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments