Thursday, July 7, 2022
HomeNewsচতুৰ্থ এছ বি আই খেলো ইণ্ডিয়া য়ুথ গেমছত প্ৰথমবাৰৰ বাবে মণিপুৰী সমৰকলা...

চতুৰ্থ এছ বি আই খেলো ইণ্ডিয়া য়ুথ গেমছত প্ৰথমবাৰৰ বাবে মণিপুৰী সমৰকলা থাং-টা

চতুৰ্থ এছ বি আই খেলো ইণ্ডিয়া য়ুথ গেমছত প্ৰথমবাৰৰ বাবে মণিপুৰী সমৰকলা থাং-টা

অলিম্পিয়া প্রতিবেদন: হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত হ’বলগা চতুৰ্থ এছ বি আই খেলো ইণ্ডিয়া য়ুথ গেমছত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ’ব মণিপুৰী সমৰকলা থাং-টা । তাৰ বাবে সাজু হৈ উঠিছে থাং-টা যোদ্ধাসকল । এইবিধ সমৰকলাত কেৱল যুঁজৰ বিষয়েই নহয় । ইয়াত শিল্পীসকলক তৰোৱাল যুজঁ আৰু শৰিত-শৰাক ( নিৰস্ত্ৰ যুঁজ) ত প্ৰশিক্ষণ দিয়া হয় ।

আৰু অধিক পঢ়ক

তেওঁলোকৰ সামগ্ৰিক বিকাশ — শাৰীৰিক ব্যায়াম, আধ্যাত্মিক কলা , উশাহ নিশাহৰ ব্যায়াম , প্ৰাকৃতিক ঔষধি শিক্ষা আৰু ধ্যানৰ জৰিয়তে নিশ্চিত কৰা হয় । য়ুথ গেমছৰ দৰে এখন বৃহৎ মঞ্চত এইবিধ খেলে স্থান পোৱাতো এটা অত্যন্ত সুখৰ খবৰ । প্ৰতিযোগিতাখনৰ ৪ জুনৰ পৰা ৬ জুনলৈ পৰিচালনা আৰু তত্বাৱধানৰ দায়িত্বত থাকিব বিশ্ব থাং-টা ফেডাৰচনৰ সভাপতি তথা এজন বিশেষজ্ঞ প্ৰেমকুমাৰ সিং । তেওঁ প্ৰকাশ কৰা মতে এই খেলত প্ৰায় ১৪০ জন ল’ৰা আৰু ছোৱালী থাকিব । বেছিভাগেই অসম , মণিপুৰ , ত্ৰিপুৰা , নাগালেণ্ড , পশ্চিমবংগ , বিহাৰ , দিল্লী , জম্মু আৰু কাশ্মীৰ , গুজৰাট , ঝাৰখণ্ড , তামিলনাডু , মহাৰাষ্ট্ৰ , পঞ্জাৱ , হাৰিয়ানা আৰু চণ্ডীগড়ৰ পৰা আহিছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

থাং-টা ফেডাৰেচন অৱ ইণ্ডিয়াৰ মতে থাং-টাৰ উৎপত্তি ১৪০৪-১৪৩২ খ্ৰীষ্টাব্দৰ বুলি ধাৰণা কৰা হয় । তেওঁলোকৰ মতে ৰজা পুঞ্চিবা হাইপ’ চেন্টেপ নামৰ এজন ৰজাৰ সময়ত মেইৰচেপ হাইপ কমিটি গঠন কৰা হৈছিল । ১৭০৯- ১৭৪৮ খ্ৰীষ্টাব্দৰ ভিতৰত এই প্ৰতিৰক্ষা প্ৰণালীটো ৰজা পামহেইবাৰ দ্বাৰা শক্তিশালী কৰা হৈছিল আৰু ১৬ বছৰৰ অধিক বয়সৰ প্ৰতিজন পুৰুষক এবছৰত নির্দিষ্ট সংখ্যক দিনৰ বাবে স্বেচ্ছাই ৰাজ্যৰ সেৱা কৰিবলৈ আৰু সমৰকলাত প্ৰশিক্ষণ ল’বলৈ নিৰ্দেশ দিয়া হৈছিল ।

চুবুৰীয়াৰ আক্ৰমণ বাঢ়ি অহাৰ লগে লগে মানুহবোৰ যুদ্ধ কলাত পাৰদর্শী হোৱাৰ প্ৰয়োজন আহি পৰিছিল । সিঙে কয় ,” আমি বাৰ্মা (বৰ্তমানৰ ম্যানমাৰ)ৰ সৈতে সীমা ভাগ বতৰা কৰো । চাৰিওফালৰ ৰাজ্যসমূহৰ পৰা আক্ৰমণ সঘনাই হৈছিল । ”

থাং-টা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ লগতে ভাৰত আৰু বিদেশত চেম্পিয়নশ্বিপ

থাং-টা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ লগতে ভাৰত আৰু বিদেশত চেম্পিয়নশ্বিপ আয়োজনত প্ৰেমকুমাৰ সিঙে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । তেওঁ কয় যে নিৰ্বাচিত প্ৰদৰ্শনৰ বাহিৰে আৰু খেলো ইণ্ডিয়াৰ অনুষ্ঠানবোৰত তৰোৱালৰ কোনো ব্যৱহাৰ নহ’ব আৰু খেলুৱৈসকলে চেইবি বা ফুনাচেইৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব । প্ৰতিযোগিতাখন ৩০ ফুট ব্যাসৰ বৃত্তাকাৰ ক্ষেত্ৰত অনুষ্ঠিত হ’ব ।

অংগাবা অৰ্থাৎ ৰঙা কোণ আৰু হিগোক অৰ্থাৎ নীলা কোণৰ প্ৰতিযোগীসকলে বেল্টৰ ওপৰত প্ৰতিপক্ষৰ শৰীৰৰ যিকোনো অংশত আঘাত কৰিব পাৰে । কেৱল আত্মৰক্ষাৰ বাবে চোংগুই অৰ্থাৎ ঢাল ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হয় । লাথি মাৰিবলৈ অনুমতি দিয়া নহয় । এখন খেলত এক মিনিটৰ বিশ্ৰামৰ সৈতে ল’ৰা আৰু ছোৱালীৰ বাবে ২ ৰ পৰা ৩ মিনিটৰ দুটা ৰাউণ্ড থাকে ।

প্ৰতিখন খেলৰ বাবে ১ জন কেন্দ্ৰীয় ৰেফাৰী, ৬ জন স্ক’ৰাৰ , ১ জন টাইমকিপাৰ আৰু ১জন বা ২জন মুখ্য জুৰী সদস্যক দায়িত্ব অৰ্পণ কৰা হয় ।প্ৰেমকুমাৰ সিঙে আকৌ কয় যে এই প্ৰতিযোগিতাখনত প্ৰতিদিনে পদক সমাৰোহ অনুষ্ঠিত হ’ব আৰু ভি আই পি সকলৰ বাবে পৃথক প্ৰদৰ্শন কৰা হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments