Tuesday, October 4, 2022
HomeNewsচতুৰ্থ জি টি চি দবা গ্ৰাঁ প্ৰিৰ চেম্পিয়ন প্ৰচুৰ্য, অভিৰূপ, তন্ময়

চতুৰ্থ জি টি চি দবা গ্ৰাঁ প্ৰিৰ চেম্পিয়ন প্ৰচুৰ্য, অভিৰূপ, তন্ময়

চতুৰ্থ জি টি চি দবা গ্ৰাঁ প্ৰিৰ চেম্পিয়ন প্ৰচুৰ্য, অভিৰূপ, তন্ময়

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী টাউন ক্লাব প্ৰকল্পত যোৱা ২৯ আগষ্টত অনুষ্ঠিত হয় চতুৰ্থ জি টি চি দবা গ্ৰাঁ প্ৰি ৷ দিনজোৰা এই প্ৰতিযোগিতাত ৰাজ্যখনৰ মুঠ ১২৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ ৯, ১৫ বছৰ অনূৰ্দ্ধ আৰু অ’পেন শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ১৫ বছৰ অনূৰ্দ্ধত চেম্পিয়ন হয় অভিৰূপ শইকীয়া ৷ তেওঁ পাঁচ ৰাউণ্ডৰ ভিতৰত ৫ পইণ্ট লাভ কৰে ৷

৯ বছৰ অনূৰ্দ্ধত শ্ৰেষ্ঠ হয় প্ৰাচুৰ্য চাংমাই ৷ তেওঁৰ সৈতে সমসংখ্যক ৪.৫ পইণ্ট লাভ কৰে শ্বাশ্বত ডেকাই ৷ টাইব্ৰেক পদ্ধতিত চেম্পিয়ন হয় প্ৰাচুৰ্য ৷ অ’পেন শাখাৰ চাৰি ৰাউণ্ডৰ পৰা ৪ পইণ্টকৈ লাভ কৰে তন্ময় ৰাজবংশী আৰু মৃন্ময় ৰাজখোৱাই ৷ অৱশ্যে টাইব্ৰেক পদ্ধতিত চেম্পিয়ন হয় তন্ময় ৷

৬, ৯, ১১, ১৩, ১৫, ১৯ বছৰ অনূৰ্দ্ধ আৰু অ’পেন শাখাৰ প্ৰথম তিনিটা স্থানপ্ৰাপ্ত খেলুৱৈক বঁটা আৰু ই-চাৰ্টিফিকেট প্ৰদান কৰা হয় ৷ আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ বিশ্বজিৎ ভৰদ্বাজৰ লগতে নন্দন বুঢ়াগোহাঁই, পল্লৱ ভট্টাচাৰ্য আৰু মণিমালা সিনহাই খেলসমূহ পৰিচালনা কৰে ৷

বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে এ চি এছ বিষয়া তথা অসমৰ জ্যেষ্ঠ ফিডে ৰেটেড খেলুৱৈ শশী ভূষণ ৰাজকোঁৱৰ, জাৰ্মান বহুজাতিক কোম্পানী ডেক্ৰাৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জন ৰাজখোৱা, গুৱাহাটী টাউন ক্লাবৰ উপ-সভাপতি বুলবুল চৌধুৰী আদি ৷ যথাৰ্থ নমন ওজাই কনিষ্ঠতম খেলুৱৈ, কাব্যশ্ৰী শৰ্মা শইকীয়াই শ্ৰেষ্ঠ ছোৱালী দবাৰু আৰু আয়ুষ্মিতা পালে দ্বিতীয় শ্ৰেষ্ঠ ছোৱালী দবাৰুৰ বঁটা লাভ কৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments