বৃহস্পতীবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইংলেণ্ডৰ চতুৰ্থ তথা অন্তিমখন টেষ্টত সৃষ্টি হ’ব পাৰে ১০ টা নতুন ৰেকৰ্ড। যাৰ বাবে এতিয়া এই চতুৰ্থ টেষ্টখন হৈ পৰিছে বিশেষ আকৰ্ষণীয়।
ভংগ হব পাৰে পণ্টিঙৰ ৰেকৰ্ড : বিগত ১৫ মাহ ধৰি অধিনায়ক বিৰাটৰ অনুৰাগীয়ে বিৰাটৰ পৰা আশা কৰি আছে এটা শতকীয় ইনিংছ। ২০১৯ ত বাংলাদেশৰ বিৰুদ্ধে অন্তিমটো শতক কৰি অষ্ট্ৰেলিয়াৰ পূৰ্বৰ অধিনায়ক ৰিকি পণ্টিঙক স্পৰ্শ কৰিছে। চতুৰ্থ টেষ্টত বিৰাটে শতকীয় ইনিংছ খেলিলেই অতিক্ৰম কৰিব পাৰিব পণ্টিঙক। লগে লগে বিৰাট হৈ পৰিব সৰ্বাধিক শতক অৰ্জন কৰা অধিনায়ক।
ধোনিক স্পৰ্শ কৰিব বিৰাটে : চতুৰ্থ টেষ্টৰ বাবে খেল পথাৰত নমাৰ লগে লগে বিৰাটে মহেন্দ্ৰ সিং ধোনিৰ ৬০ খন টেষ্টত অধিনায়ক হিচাপে কৰা ৰেকৰ্ড স্পৰ্শ কৰিব।
হৰভজনৰ ৰেকৰ্ড ভংগ কৰিব অক্ষৰ পেটেলে : চেন্নাই টেষ্টৰ জড়িয়তে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰা অক্ষৰ পেটেলে সেই টেষ্টৰ প্ৰথম ইনিংছত দুটা উইকেট আৰু দ্বিতীয় ইনিংছত সংগ্ৰহ কৰিছিল ৫টা উইকেট। মটেৰাত খেলা তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত আকৌ ৬ টা উইকেট আৰু দ্বিতীয় ইনিংছত ৫ টা উইকেট দখল কৰিছিল। তৃতীয়খন টেষ্টত ৭০ ৰান ব্যয় কৰি ১১ উইকেট দখল কৰাটো দিবা-নৈশ ক্ৰিকেটৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে বিবেচিত হৈছে। চতুৰ্থ টেষ্টত যদি অক্ষৰে দুয়োটা ইনিংছত ৫ টাকৈ উইকেট দখল কৰে তেনে হৰভজন সিঙক অতিক্ৰম কৰিব পাৰিব। তিনিখন টেষ্টত ধাৰাবাহিকভাৱে ৫ উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপে নাম আছে হৰভজন সিঙৰ।
আশ্বিনৰ হাতত আন এক সুযোগ : বৰ্তমানলৈকে আশ্বিনে ৪০১ টা টেষ্ট উইকেট।দখল কৰিছে। আৰু চাৰিটা উইকেট দখল কৰিব পাৰিলেই আশ্বিনে ৱেষ্ট ইণ্ডিজৰ কিম্বদন্তী Curtly Ambrose ক স্পৰ্শ কৰিব পাৰিব। ৫ উইকেট দখল কৰিলেই তেওঁ Ambrose ক অতিক্ৰম কৰিব পাৰিব। ইয়াৰ লগে লগে তেওঁ টেষ্টত সৰ্বাধিক উইকেট দখল কৰা ১৫ নং স্থানত উপনীত হ’ব।
ইংলেণ্ডৰ বিৰুদ্ধে ৰেকৰ্ড সৃষ্টি কৰাৰ সুযোগ আশ্বিনৰ : বৰ্তমানলৈকে আশ্বিনে ইংলেণ্ডৰ বিৰুদ্ধে ৮০ টা উইকেট দখল কৰিছে। আনহাতে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱ আৰু বিশান সিং বেদীয়ে ৮৫ টাকৈ উইকেট দখল কৰি সৰ্বাধিক উইকেট দখল কৰাৰ ৰেকৰ্ড গঢ়ি থৈছে। এই ৰেকৰ্ড ভংগ কৰাৰো এক সুযোগ লাভ কৰিছে আশ্বিনে।
ভংগ হ’ব পাৰে জাহিৰ খানৰ ৰেকৰ্ড : জাহিৰ খানে কেৰিয়াৰত ৬১০ ট আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰি ভাৰতৰ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা ক্ৰিকেটাৰ তালিকাত চতুৰ্থ স্থানত আছে। আশ্বিনে বৰ্তমানলৈকে তিনিওটা ফৰ্মেট মিলাই ৬০৩ টা উইকেট দখল কৰিছে। চতুৰ্থ টেষ্টত আশ্বিনে জাহিৰ খানক অতিক্ৰম কৰাৰ এক সুযোগ।লাভ কৰিছে। হয়তো ভংগ হ’ব জাহিৰ খানৰ নামত থকা এই ৰেকৰ্ড।
অনিল কুম্বলেৰ ৰেকৰ্ড ভংগ কৰাৰ সুযোগ লাভ কৰিছে এণ্ডাৰচনে : যদি অন্তিমখন টেষ্টত জেমছ এণ্ডাৰচনে খেলাৰ সুযোগ লাভ কৰে তেনে তেওঁ অনিল কুম্বলেৰ এক ৰেকৰ্ড ভংগ কৰাৰ সুযোগ লাভ কৰিব। এণ্ডাৰচনে বৰ্তমানলৈ ৬১১ টা উইকেট দখল কৰি আছে। তেওঁ অনিল কুম্বলেৰ ৬১৯ টা উইকেটৰ অভিলেখ ভংগ কৰাৰ সুযোগ লাভ কৰিছে।
Courtney Walsh ৰ ৰেকৰ্ড ভংগ কৰাৰ সুযোগ ষ্টুৱাৰ্ড ৱৰ্ডৰ : পূৰ্বৰ বেগী বলাৰ Courtney Walsh য়ে টেষ্টত ৫১৯ উইকেট দখল কৰি সৰ্বাধিক উইকেট দখল কৰা বেগী বলাৰৰ তালিকাত তৃতীয় স্থানত আছে। ষ্টুৱাৰ্ড ৱৰ্ডে বৰ্তমানলৈকে ৫১৭ টা উইকেট দখল কৰি আছে। গতিকে তেওঁ এই ৰেকৰ্ড ভংগ কৰাৰ সুন্দৰ সুযোগ লাভ কৰিছে।
টিম ইণ্ডিয়া ৫৫০ টেষ্ট খেলা চতুৰ্থ দললৈ পৰিগণিত হ’ব : ভাৰতীয় দলে বৰ্তমানলৈকে ৫৪৯ টেষ্ট খেলিছে। ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট খেলিলেই ভাৰতে ৫৫০ খন খেলা চতুৰ্থটো দললৈ পৰিণত হ’ব। বৰ্তমানলৈকে ইংলেণ্ডে সৰ্বাধিক ১০৩৩ খন টেষ্ট খেলাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ৮৩৪ খন, ৱেষ্ট ইণ্ডিজে ৫৫২ খন টেষ্ট খেলিছে।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক মেচ জয় কৰা দললৈ পৰিগণিত হোৱাৰ সুযোগ দুয়োটা দললৈ : ভাৰত আৰু ইংলেণ্ড দুয়োটা দলে টেষ্ট চেম্পিয়নশ্বিপত মেচ জয় কৰাৰ ক্ষেত্ৰত সকলোতকৈ সফল দল হিচাপে পৰিগণিত হোৱাৰ সুযোগ লাভ কৰিছে। ভাৰতে বৰ্তমানলৈকে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৬ খন ছিৰিজত ১৬ খন টেষ্টৰ ১১ খনত জয় লাভ কৰাৰ লগতে ৪ খনত পৰাস্ত হৈছে। একেদৰে ইংলেণ্ডে ২০ খনৰ ভিতৰত ১১ খনত জয়লাভ কৰাৰ লগতে ৬ খনত পৰাস্ত হৈছে।