Tuesday, October 4, 2022
HomeNewsচন্দ্ৰভাগা ১৪ ত পদাৰ্পণ অসমৰ ৫ গৰাকী পৰ্বতাৰোহীৰ

চন্দ্ৰভাগা ১৪ ত পদাৰ্পণ অসমৰ ৫ গৰাকী পৰ্বতাৰোহীৰ

চন্দ্ৰভাগা ১৪ ত পদাৰ্পণ অসমৰ ৫ গৰাকী পৰ্বতাৰোহীৰ

অলিম্পিয়া প্ৰতিবেদন: হিমালয়ৰ চন্দ্ৰভাগা ৰেঞ্জত অসমীয়া পৰ্বাতাৰোহীয়ে উৰুৱালে ভাৰতীয় ত্রিৰংগা । চন্দ্ৰভাগা ১৪ ত পদাৰ্পণ অসমৰ ৫ গৰাকী পৰ্বতাৰোহীৰ । মিছন টুইন পিকৰ ঘটিল সফল সামৰণি ।

গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনৰ উদ্যোগত বিভিন্ন সময়ত কৰি আহিছে দুঃসাহসিক ক্ৰীড়া অভিযান । অসমৰ পৰ্বতাৰোহণৰ ক্ষেত্রত গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনে আনিছে এক জাগৰণ । বিগত আগষ্ট মাহত গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত হিমালয়ৰ চন্দ্ৰভাগা ৰেঞ্জত অৱস্থিত এম টি বি ১৩ আৰু ১৪ শিখৰ আৰোহণৰ বাবে আগবাঢ়ে এটা ১০ জনীয়া দল ।

ইয়াৰে ৬০৭৮ মিটাৰ উচ্চতাৰ শৃংগটো আৰোহণ কৰিলে ৫ জন অসমৰ পৰ্বতাৰোহীয়ে । প্ৰতিকূল বতৰৰ বাবে এম টি বি ১৩ আৰোহণ সম্ভৱ নহ’ল যদিও এম টি বি ১৪ আৰোহণ কৰি অসমলৈ ঘূৰি আহিছে দলটো । বুধবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত ফ্লেগ ইন কাৰ্যসূচী ৰূপায়ন কৰিলে ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে । পৰ্বতাৰোহীসকলক অসম চৰকাৰৰ যুৱ কল্যাণ বিভাগৰ হৈ অভিনন্দন জনালে ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে ।

উল্লেখযোগ্য যে, চন্দ্ৰভাগা ৰেঞ্জৰ ১৪ পৰ্বত শিখৰত উপনীত হোৱা দলটোৰ সদস্যসকল হল — ডেপুটি লিডাৰ ধীৰাজ বড়ো, জিন্টি দাস, বুলেন বৰ্মন, আচিফ শ্বেইখ আৰু হাফিজুল খান । এই দুঃসাহসিক অভিযানৰ শিহৰণকাৰী অভিজ্ঞতাৰ কথা ক’লে দলটোৰ ডেপুটি লীডাৰ ধীৰাজ বড়োয়ে —–

উল্লেখযোগ্য যে, মিছন টুইন পিকৰ অভিযান আছিল ২৭ দিনীয়া । দলটোৰ এম টি বি ১৪ ৰ সফলতাৰ আঁৰত আছে দলটোৰ নেতৃত্বত থকা বিক্ৰম বড়ো । তেওঁৰ নেতৃত্বত ১০ জনীয়া দলটো অগ্ৰসৰ হৈছিল হিমালয়ৰ চন্দ্ৰভাগা ৰেঞ্জৰ এই দুটা শৃংগ আৰোহণৰ বাবে । জনীয়া দলটোত থকা বাকী সদস্য সকল হ’ল —- পল্লবী দাস, মিনাক্ষী দাস, বৰ্ণালী পাটোৱাৰী আৰু অমিত দাসে । টুইন পিক অভিযানৰ ৰোমাঞ্চকৰ যাত্ৰাৰ কথা জনালে দলটোৰ নেতৃত্বত থকা বিক্ৰম বড়োৱে —-

উল্লেখযোগ্য যে, টুইন পিক সফলতাৰে সমাপ্ত হোৱাৰ বাবে আয়োজিত ফ্লেগ ইন কাৰ্যসূচীত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক অন্তৰা গগৈ, সহকাৰী সঞ্চালক সত্যব্ৰত গগৈ, গুৱাহাটী পৌৰনিগমৰ ৱাৰ্ড কমিছনাৰ অৰূপ ডেকা, গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনৰ সভাপতি অতুল মহন্ত, এভাৰেষ্ট আৰোহণকাৰী তথা জ্যেষ্ঠ পৰ্বতাৰোহী তৰুণ শইকীয়া, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ মাউন্টেনিয়াৰিং ইনষ্ট্ৰাক্টৰ অজিত কুমাৰ কলিতাকে আদি কৰি পৰ্বতাৰোহণৰ লগত জড়িত বহু ব্যক্তি । সকলোৱে টুইন পিকত অংশগ্ৰহণ কৰা অসমৰ দলটোক দিলে অভিনন্দন ।

গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনৰ এনে পদক্ষেপক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে । সকলোৱে আশা কৰিছে — তেওঁলোকে অনাগত দিনবোৰতো কৰি যাওক এনে দুঃসাহসিক অভিযান । অসমৰ পৰ্বতাৰোহণৰ ক্ষেত্ৰত ৰোপন কৰক গৌৰৱময় ইতিহাস ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments