অলিম্পিয়াৰ প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাই চিটি ক্ৰিকেট ক’চিং চেণ্টাৰক প্ৰদান কৰা দুটা বলিং মেচিন আৰু নতুনকৈ নিৰ্মাণ কৰা দুখন টাৰ্ফ উইকেট কালি এক অনুষ্ঠানৰ জড়িয়তে উন্মোচন কৰা হয়।
অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আইন উপদেষ্টা শান্তনু ভৰালী, ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি, প্ৰশিক্ষক নৱাব আলী, জাভেদ জামান, জাকাৰিয়া জুফ্ৰী, ৰাজু ফুকন, অমৰ দত্ত, অভিজিৎ দাস, অসীম ঘোষাল, গকুল শৰ্মা, তাৰজিন্দৰ সিং, ঋষভ দাস, বাবলু চৌধুৰী, সুশীল কুমাৰ দেৱ, তপন বৰ্মণ, এ এইচ এম আলী, পবিত্ৰ গোস্বামী, দিলীপ শৰ্মা আদি ব্যক্তিসকল উপস্থিত থাকে।
