Sunday, October 2, 2022
HomeNewsচিটি ক্ৰিকেট ক্লাবক পৰাস্ত কৰি গুৱাহাটী টাউন ক্লাব ফাইনেলত

চিটি ক্ৰিকেট ক্লাবক পৰাস্ত কৰি গুৱাহাটী টাউন ক্লাব ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন,

গুৱাহাটী টাউন ক্লাবে ষষ্ঠ গোলাপ, আৰতি হাজৰিকা আৰু শৰৎ কলিতা সোঁৱৰণি আন্তঃক্লাব ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত
সোমবাৰে অনুষ্ঠিত প্ৰথম ছেমি ফাইনেলত টাউন ক্লাবে মাত্ৰ ৩ ৰাণত পৰাস্ত কৰে আয়োজক চিটি ক্ৰিকেট ক্লাৱক । টাউন ক্লাবে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২৫ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৭ ৰাণ । দলৰ প্ৰদ্যুন শইকীয়াই ৭৪ আৰু বকুল শৰ্মাই ২৫ ৰাণ কৰে । প্ৰতিপক্ষৰ প্ৰীতম দাসে ৫টা আৰু মৃন্ময় দত্তই ২টা উইকেট লাভ কৰে । প্ৰত্যুত্তৰত চিটি ক্ৰিকেট ক্লাবে সকলো উইকেটৰ বিনিময়ত ১৬৪ ৰাণ কৰি পৰাস্ত হয় । দলৰ মানস গগৈয়ে ৩৯ , ৰাহুল হাজৰিকাই ৩৭ আৰু অমিত সিনহাই ৩৩ ৰাণৰ অৱদান আগবঢ়ায় । বলিঙত বিজয়ী দলৰ আনন্দ শৰ্মাই ২৯ ৰাণৰ বিনিময়ত ৫ টা উইকেট দখল কৰি মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় । গোকুল শৰ্মাই লাভ কৰে ২টা উইকেট । মঙলবাৰে দ্বিতীয় ছেমি ফাইনেলত বাড ক্ৰিকেট ক্লাব আৰু ৰয়েল ক্ৰিকেট ক্লাব পৰস্পৰৰ মুখামুখি হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments