Tuesday, October 4, 2022
HomeNewsচূড়ান্ত ব্যৰ্থতাৰে ছিজন সামৰিলে অসমে

চূড়ান্ত ব্যৰ্থতাৰে ছিজন সামৰিলে অসমে

অলিম্পিয়া, ১৭ ফেব্ৰুৱাৰী : মাত্র এখন মেচত জয়েৰেই চলিত বর্ষৰ ৰঞ্জি ট্রফী ছিজন সামৰিলে অসমে। চলিত ৰঞ্জী ছিজনত অসমে চূড়ান্ত ব্যর্থতা আৰু শোচনীয় প্রদর্শনেৰে গ্ৰোপ চিৰ অষ্টম স্থানতেই সন্তুষ্ট থাকিবলগীয়া হয়। অসম ক্রিকেট সন্থাই প্রাক্তন আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰ অজয় ৰাত্রাক প্রশিক্ষক নিযুক্তি দি অসম অসমৰ ছিনিয়ৰ দলটোক শক্তিশালী ৰূপত গঢ় দিয়াৰ প্রয়াস চলাইছিল যদিও অজয় ৰাত্ৰাৰ প্ৰশিক্ষণত অসমে বি চি চি আইৰ আগশাৰীৰ প্রতিযোগিতাখনত মাত্র এখন মেচত জয়েৰেই ছিজন সামৰে ৷উল্লেখ্য যে শনিবাৰে সামৰণি পৰা গ্রুপ পর্যায়ৰ খেলৰ অন্তত অসমে মুঠ ৯খন মেচৰ এখনত জয়, চাৰিখনত পৰাজয়, চাৰিখনত ড্র খেলি মাত্র ১৫ পইণ্টেৰে গ্রুপ চিৰ অষ্টম স্থানত হে থাকে৷ ৯টা দলেৰে গঠিত গ্রুপ চিত অসমতকৈ তলত থকা দলটো হ’ল ত্রিপুৰা ৷

গ্ৰোপ চিৰ পইণ্ট টেবুল

চলিত ছিজনত অজয় ৰাত্ৰাৰ প্ৰশিক্ষণত গকুল শর্মা নেতৃত্বাধীন অসম দলটোৱে একমাত্র উত্তৰাখণ্ডৰ বিৰুদ্ধেহে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয়৷ বছৰৰ আৰম্ভণিতে দেৰাডুনত অনুষ্ঠিত মেচখনত অসমে এক ইনিংছ আৰু ৯০ ৰানত জয়ী হয় ৷বৰ্ষাপাৰা ক্ৰেকট ষ্টেডিয়ামত ছার্ভিচেছৰ বিৰুদ্ধে ড্র খেলি চলিত ছিজনৰ অভিযান আৰম্ভ কৰা অসমে প্ৰতিখন মেচত সংগ্ৰাম কৰিও সফলতাৰ মুখ দেখিবলৈ সক্ষম নহ’ল। চলিত ছিজনটোত অসমে ঝাৰখণ্ডৰ হাতত এক ইনিংছ আৰু ৬৭ ৰান, মহাৰাষ্ট্রৰ হাতত ২১৮ ৰান, ওড়িশাৰ হাতত এক ইনিংছ আৰু তিনি ৰান আৰু হাৰিয়ানাৰ হাতত সাত উইকেটত পৰাস্ত হয়৷ইয়াৰ উপৰিও ছার্ভিচেছ, জম্মু–কাশ্মীৰ, চত্তিশগড় আৰু ত্রিপুৰাৰ সৈতে দলটোৱে ড্র খেলে ৷

চূড়ান্ত ব্যর্থতা আৰু শোচনীয় প্রদর্শনেৰে সামৰণি পৰা ছিজনটোত অসমৰ বাবে একমাত্র ইতিবাচক দিশ আছিল ঋষভ দাস, ৰিয়ান পৰাগ আৰু গকুল শর্মাৰ দায়িত্বপূর্ণ বেটিং আৰু ৰঞ্জিৎ মালী, অৰূপ দাস, মুখতাৰ হুছেইনৰ সুন্দৰ বলিং ৷ ছিজনৰ ১৫টা ইনিংছত ঋষভ দাসে গড়ে ৩৪কৈ মুঠ ৫১২ ৰান, ৰিয়ান পৰাগে ১৪টা ইনিংছত গড়ে ৩৫কৈ ৪৯২ ৰান আৰু গকুল শৰ্মাই ১৫টা ইনিংছত গড়ে ৩১কৈ মুঠ ৪৩৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ উপৰিও নৱাগত বেটছমেন ছাহিল জৈনে ২৫৩ আৰু শুভম মণ্ডলে ২৩৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়। আনহাতে বলিঙত ৰঞ্জিৎ মালীয়ে ৩৯, অৰূপ দাসে ২৮ আৰু মুখতাৰ হুছেইনে ২৪টা উইকেট দখল কৰে৷

প্ৰশিক্ষক অজয় ৰাত্ৰা

উল্লেখ্য যে চলিত ছিজনত অসম দলটোৰ প্ৰশিক্ষক অজয় ৰাত্ৰাক লৈ বহু বিতৰ্কৰ সূচনা হোৱা পৰিলক্ষিত হৈছিল। দলটো পৰাজয়ৰ পিছত খেলুৱৈ সকলক এৰি পলায়ন কৰাৰ বাতৰিও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। অজয় ৰাত্ৰাক অসম দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াক লৈয়ো বিতৰ্কৰ সূচনা হৈছিল। বৰ্তমানৰ প্ৰশিক্ষক অজয় ৰাত্ৰাৰ তত্বাবধানত অসমে মাত্ৰ এখন মেচত কোনোমতে জয় লাভ কৰাৰ বিপৰীতে পূৰ্বৰ প্ৰশিক্ষক জাকাৰিয়া জুফ্রিৰ প্রশিক্ষণত ২০১৮–১৯ ছিজনত অসমে তিনিখন মেচত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments