Thursday, July 7, 2022
HomeNewsচেম্পিয়নৰ কাষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

চেম্পিয়নৰ কাষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

চেম্পিয়নৰ কাষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী । সন্মানজনক থমাছ কাপৰ খিতাপ দখলকাৰী ভাৰতীয় শ্বাটলাৰ আৰু বধিৰ অলিম্পিকৰ পদকজয়ীক উৎসাহিত ।
ক্ৰীড়া বিশ্বত কদৰ বাঢ়িছে ভাৰতীয় খেলুৱৈৰ ।

চলিত সপ্তাহত দুটাকৈ বৃহৎ টুৰ্ণামেন্টত উজলি উঠিল ভাৰতীয় ক্ৰীড়াবিদ । থাইলেণ্ডৰ বেংককত অনুষ্ঠিত সন্মানজনক থমাছ কাপ জয় কৰা ভাৰতীয় শ্বাটলাৰৰ সৈতে মিলিত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত ভাৰতীয় দলটোক আদৰণি জনোৱাৰ বাবে ভাৰতীয় বেডমিন্টন সন্থাই আয়োজন কৰে এই সম্বৰ্ধনা অনুষ্ঠান । প্ৰধানমন্ত্ৰী মোডীয়েও ভাৰতীয় পুৰুষ বেডমিন্টন দলৰ প্ৰতিগৰাকী সদস্যৰ সৈতে ব্যক্তিগত ভাৱে বাৰ্তালাপ কৰে । অনুষ্ঠানত উপস্থিত থাকিল কেন্দ্ৰীয় ক্ৰীড়ামন্ত্রী অনুৰাগ ঠাকুৰ আৰু বাইৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা । প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি সন্তুষ্টি প্ৰকাশ কৰিলে থমাছ কাপ জয়েৰে ইতিহাস সৃষ্টি কৰা প্ৰতিগৰাকী শ্বাটলাৰে ।

 

থমাছ কাপৰ ৩২ বছৰীয়া ইতিহাসত প্ৰথমবাৰলৈ বিশ্ব বেডমিণ্টনৰ পাৱাৰ হাউছ তথা পূৰ্বৰ ১৪ বাৰৰ বিজয়ী ইণ্ডোনেছিয়াক ফাইনেলত পৰাস্ত কৰি খিতাপ দখল কৰা ভাৰতীয় দলৰ প্ৰতিগৰাকী সদস্যই প্ৰধানমন্ত্ৰীৰ সৈতে তুলিলে ফটো ।

ছচিয়েল মিডিয়াত ভাইৰেল হ’ল এই আলোকচিত্ৰ ।
প্ৰধানমন্ত্ৰীৰ সৈতে বাঁওফালৰ পৰা প্ৰথমশাৰীত দেখা গ’ল — স্বত্বিক ছাইৰাজ, কিদাম্বি শ্ৰীকান্ত, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্রী অনুৰাগ ঠাকুৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বাইৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা, লক্ষ্য সেন আৰু বিষ্ণু বৰ্ধনক ।

দ্বিতীয় শাৰীত থাকিল বাঁওফালৰ পৰা প্ৰিয়াংশু ৰাজাৱাট, কৃষ্ণ প্ৰসাদ গাৰ্গ, চিৰাগ শেট্ৰি, এইছ এছ প্ৰণয়, এম আৰ অৰ্জুন আৰু ধ্ৰুৱ কপিলা ।

শনিবাৰৰ দিনটোতেই প্ৰধানমন্ত্ৰীৰ আমন্ত্রণক্ৰমে তেওঁৰ বাসভৱনত উপস্থিত হ’ল ব্ৰাজিলত সদ্যসমাপ্ত বধিৰ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈ সকল । এই অলিম্পিকত প্ৰথমবাৰলৈ ১৬ টা পদক অৰ্জন কৰা ভাৰতীয় দলটোৰ প্ৰতিগৰাকী সদস্যৰ মনৰ বুজ ললে প্ৰধানমন্ত্ৰীয়ে । মুঠ ১১ টা ইভেন্টৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল ভাৰতৰ ৬৫ গৰাকী ক্ৰীড়াবিদে । টাইকোৱানডোত প্ৰতিদ্বন্দ্বিতা কৰিছিল অসমৰ অভিনন্দন গোস্বামীয়ে ।

ক্ৰীড়া অনুৰাগীৰ আশা -ভাৰতৰ খেলুৱৈসকলৰ এই বিজয়ধাৰা চিৰপ্ৰবাহমান হওক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments