চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত প্ৰথমটো হেট্ৰিক অৰ্জন কৰিলে পঞ্জাৱৰ বেগী বলাৰ সিদ্ধাৰ্থ ক’লে। সিদ্ধাৰ্থৰ হেট্ৰিকৰ সহায়ত পঞ্জাৱে কৰ্ণাটকক ২০ অভাৰত মাত্ৰ ১২৫ ৰানতে সীমাবদ্ধ কৰি ৰাখে।
মেচখনত পঞ্জাৱে টছত জয়লাভ কৰি কৰ্ণাটকক বেট ধৰিবলৈ আমন্ত্ৰণ জনাই। কৰ্ণাটকে১৫ অভাৰলৈকে চাৰি উইকেট হেৰুৱাই ৯৮ ৰান কৰিবলৈ সক্ষম হৈছিল। সকলোৱে আশা কৰিছিল পঞ্জাৱৰ সন্মুখত কৰ্ণাটকে এক বৃহৎ স্ক’ৰ থিয় কৰিবলৈ সক্ষম হ’ব। কিন্তু কৰ্ণাটকৰ স্ক’ৰ ১০০ ৰ ঘৰ অতিক্ৰম কৰাৰ পিছতে বৃহৎ অঘটনটো ঘটালে সিদ্ধাৰ্থই। ১৭ অভাৰত বল কৰিবলৈ আহি সিদ্ধাৰ্থই তৃতীয়টো বলৰ পৰা ক্ৰমাগতভাৱে তিনিটা উইকেট দখল কৰাই নহয়, কৰ্ণাটকৰ বেটিং লাইন আপ ধ্বংস কৰি দিয়ে। যাৰ বাবে বৃহৎ স্ক’ৰ কৰিবলৈ অসমৰ্থ হৈ পৰে কৰ্ণাটক। মেচখনত সিদ্ধাৰ্থই ৪ অভাৰ বল কৰি ২৬ ৰান ব্যয় কৰি ৪ উইকেট দখল কৰে।