Tuesday, July 5, 2022
HomeNewsচৈয়দ মুস্তাক আলী টি-২০ ত তামিলনাডু ফাইনেলত

চৈয়দ মুস্তাক আলী টি-২০ ত তামিলনাডু ফাইনেলত

ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ফাইনেলত স্থান নিশ্চিত কৰিলে তামিলনাডুৱে। চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন ছেমি ফাইনেলত তামিলনাডুৱে ৰাজস্থানৰ বিপক্ষে অৱতীৰ্ণ হৈছিল।

মেচখনত টছত জয়লাভ কৰি ৰাজস্থানে প্ৰথমে বেট ধৰি অধিনায়ক অশোক মেনাৰিয়াৰ অৰ্ধশকত আৰু অৰজিত গুপ্তাৰ ৪৫ ৰানৰ সহায়ত ১৫৪ ৰান কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত তামিলনাডুৱে নিৰ্ধাৰিত লক্ষ্য আগতলৈ খেল পথাৰত নামি ১৮.৪ অভাৰত তিনি উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। তামিলনাডুৰ হৈ অৰুণ কাৰ্তিকে সৰ্বাধিক ৮৯ ৰান কৰাৰ লগতে অধিনায়ক দীনেশ কাৰ্তিকৰ বেটৰ পৰা আহে গুৰুত্বপূৰ্ণ ২৬ ৰান।

উল্লেখ্য যে বিগত বৰ্ষৰ প্ৰতিযোগিতাখনটো ৰাজস্থান তামিলনাডুৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈছিল।

তামিলনাডুৰ হৈ আজিৰ মেচখনত ৮৯ ৰানৰ অৰ্ধশতকীয় মেচ খেলা অৰুণ কাৰ্তিককলৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে। অৰুণৰ মূখ্য ধাৰাৰ ক্ৰিকেটত আত্মপ্ৰকাশ ঘটিছিল শ্ৰীলংকাত। তেওঁ শ্ৰীলংকাৰ এটা ক্লাবৰ হৈ এটা চিজনত অংশগ্ৰহণ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments