Tuesday, July 5, 2022
HomeNewsচৈয়দ মুস্তাক আলী টি-২০ ৰ আজি চেমি ফাইনেল

চৈয়দ মুস্তাক আলী টি-২০ ৰ আজি চেমি ফাইনেল

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাৰ ছেমি ফাইনেল আজি অনুষ্ঠিত হ’ব। দুপৰীয়া প্ৰথমখন ছেমি ফাইনেলত দীনেশ কাৰ্তিক নেতৃত্বাধীন তামিলনাডুৱে ৰাজস্থানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পিছত বিয়লি ভাগত বৰোদাই পঞ্জাৱৰ বিৰুদ্ধে বিয়লি দ্বিতীয়খন ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব। দুয়োখন ছেমি ফাইনেল গুজৰাটৰ মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আনহাতে ফাইনেল মেচখন ৩১ জানুৱাৰীত মটেৰা ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব।

মন কৰিবলগীয়া যে আজি ছেমি ফাইনেল খেলিবলগীয়া চাৰিওটা দলত আই পি এলত অংশগ্ৰহণ কৰা মুঠ ১৪ গৰাকী খেলুৱৈৰ সমাহাৰ ঘটিব। এই ১৪ গৰাকী খেলুৱৈৰ ভিতৰত সন্দীপ শৰ্মা, সিদ্ধাৰ্থ কৌল, বিজয় শংকৰ, ৰাহুল চহৰ, খলীল আহমেদৰ দৰে ক্ৰিকেটাৰ আছে। ইফালে আজিৰ এই ছেমি ফাইনেলত বি চি চি আইৰ কেইবাজনো সদস্যৰ লগতে আই পি এলৰ ফ্ৰেন্সাইজি সমূহৰ সদস্যই উদীয়মান ক্ৰিকেটাৰ ওপৰত নজৰ ৰাখিবলৈ মেচ দুখনত উপস্থিত থাকিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments