Friday, September 30, 2022
HomeNewsচৰাইদেউ জিলাভিত্তিত আন্তঃক্লাব ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতা

চৰাইদেউ জিলাভিত্তিত আন্তঃক্লাব ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতা

চৰাইদেউ জিলাভিত্তিত আন্তঃক্লাব ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: চৰাইদেউ জিলাভিত্তিত আন্তঃক্লাব ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতা । খেলুৱৈৰ সমাবেশত জীপাল শ্বহীদ ডিম্বেশ্বৰ গগৈ প্ৰেক্ষাগৃহ ।

ৰহন আৰু সাপেখাতীবাসী ৰাইজৰ সহযোগত চৰাইদেউ জিলা ভাৰোত্তোলন সন্থা তথা শক্তি উত্তোলন সন্থাৰ বিশেষ উদ্যোগ । দেওবাৰে শ্বহীদ ডিম্বেশ্বৰ গগৈ প্ৰেক্ষাগৃহত ৰহন ভৰালী পুখুৰী প্ৰাংগনত এদিনীয়া কাৰ্যসূচীৰে ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

পুৱা চৰাইদেউ জিলাৰ ভাৰোত্তোলন সন্থাৰ পতাকা উত্তোলন কৰে উপ-সভাপতি ধ্যৰ্য বৰগোহাঁয়ে, শক্তি উত্তোলন সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি মুনিন গগৈয়ে, উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি দুৰ্গেশ্বৰ বৰাই । ইফালে এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ উপ-সভাপতি শৰৎ হাজৰিকাই । প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে দূৰ্গেশ্বৰ বড়াই ।

দশম সংখ্যক চৰাইদেউ জিলা আন্তঃক্লাব ভাৰোত্তোলন আৰু তৃতীয় সংখ্যক শক্তি উত্তোলন প্ৰতিযোগিতাখনত সৰ্বমুঠ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ভাৰোত্তোলনৰ ৰাষ্ট্ৰীয় দ্বিতীয় বিভাগৰ বিচাৰক দুলজিৎ বৰুৱা, অসীম দত্তকে প্ৰমুখ্য কৰি শিৱসাগৰ জিলাৰ যতীন শইকীয়া, কৃষ্ণ দাস, পলাশ বৰুৱা, নীলোৎপল দত্ত, আইমনি গগৈ আদি বিচাৰকসকলে ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতা সুচাৰুৰূপে পৰিচালনা কৰে । প্ৰতিযোগিতাখনত ভাৰোত্তোলনত শ্ৰেষ্ঠ পুৰুষ ভাৰোত্তোলকৰ সন্মান লাভ কৰে ৰাজা ঠাকুৰে । শ্ৰেষ্ঠ মহিলা ভাৰোত্তোলকৰ সন্মান লাভ কৰে ৰিজুমণি খাতুৱালে । পুৰুষৰ শ্ৰেষ্ঠ শক্তি উত্তোলকৰ সন্মান লাভ কৰে দীপাংকৰ দত্তই । মহিলাৰ শ্ৰেষ্ঠ শক্তি উত্তোলকৰ সন্মান লাভ কৰে টুটুমণি খাতুৱালে ।

সাপেখাতী ক্ৰীড়া সন্থাৰ সভাপতি প্ৰাচ্যজ্যোতি ফুকন, সাধাৰণ সম্পাদক নোমল গগৈ, ঘোঁৰাজান নতুন হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰসাদ গগৈ, শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, শিৱসাগৰ জিলা শক্তি উত্তোলন সন্থাৰ সভাপতি পুলিন বড়া , প্ৰাক্তন খেলুৱৈ দিগন্ত খনিকৰ, চৰাইদেউ জিলা বডি বিল্ডাৰ্ছ এন্ড ফিটনেছ এছচিয়েচনৰ সভাপতি কেপ্টেইন দীপেন কোঁৱৰ, সোনাৰিৰ বিশিষ্ট ব্যৱসায়ী শান্তনু বৰদলৈ, চৰাইদেউ জিলা শক্তি উত্তোলন সন্থাৰ কাৰ্যকৰী সভাপতি কেশৱ গগৈ আদি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত খেলুৱৈসকলক পদক প্ৰদান কৰা হয় । ৰাষ্ট্ৰীয় প্ৰশিক্ষক তথা বিচাৰক, চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক অনুপ কোঁৱৰ দেৱক চৰাইদেউ জিলাত প্ৰথম ভাৰোত্তোলন খেল প্ৰচাৰ আৰু প্ৰসাৰৰ কৰাৰ লগতে প্ৰায় ১৭ জন খেলুৱৈক আৰ্মী বয়জ স্পৰ্টছ কোম্পানী আৰু ৯ গৰাকী ছোৱালী খেলুৱৈক ছাই প্ৰশিক্ষণ কেন্দ্ৰলৈ ব্যক্তিগত উদ্যোগত নিৰ্বাচিত কৰি পঠোৱাৰ পদক্ষেপক শলাগ লৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । লগতে এইবাৰো পুনে আৰ্মী স্পৰ্টছ ইনষ্টিটিউট (এ এছ আই)লৈ নিৰ্বাচিত হোৱা খেলুৱৈ ধৰ্মজ্যোতি দেউঘৰীয়াক অভিনন্দন প্ৰদান কৰা হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments