Monday, July 4, 2022
HomeNewsচৰ্চাৰ শীৰ্ষত চেন্নাই চুপাৰ কিংছৰ মঈন আলী

চৰ্চাৰ শীৰ্ষত চেন্নাই চুপাৰ কিংছৰ মঈন আলী

আই পি এলৰ চেন্নাই চুপাৰ কিংছ দলৰ সদস্য মঈন আলীক লৈ এতিয়া সৰৱ চৰ্চা চলিছে সামাজিক মাধ্যমত। ক্ৰিকেটাৰজনে চেন্নাইৰ জাৰ্ছীত থকা এক বিশেষ ল’গ’ তেওঁৰ জাৰ্ছীৰ পৰা আঁতৰাই দিয়াৰ বাবেই এই চৰ্চা।

দৰাচলতে চেন্নাইৰ জাৰ্ছীৰ হাতত এটা সুৰা প্ৰতিষ্ঠানৰ ল’গ’ আছিল। মঈন আলীয়ে চেন্নাইৰ দলীয় মেনেজমেণ্টক সেই ল’গ’ আঁতৰাই দিবলৈ অনুৰোধ জনাই। মঈন আলীৰ সেই অনুৰোধৰ প্ৰতি লক্ষ্য কৰি দলীয় মেনেজমেণ্টে তেওঁৰ জাৰ্ছীৰ পৰা সেই ল’গ’ আঁতৰাই দিয়ে।

জানিব পৰা মতে মঈন আলী এগৰাকী ধৰ্মপৰায়ন মুছলমান আৰু মুছলমান ধৰ্মই সুৰা সেৱন কৰাত বাধা আৰোপ কৰে। সেয়ে তেওঁ সুৰা সেৱন নকৰাৰ লগতে তেওঁৰ দেহত পৰিধান কৰা জাৰ্ছীত সুৰাৰ ল’গ’ ব্যৱহাৰ নকৰে। ইয়াৰ পূৰ্বেও মঈন আলীয়ে নিজে পৰিধান কৰা জাৰ্ছীৰ পৰা সুৰাৰ ল’গ’ আঁতৰাই ৰখাৰ উদাহৰণ আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments