অলিম্পিয়াৰ প্ৰতিবেদন
কালি কলকাতা নাইটৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছিল আইপিএলৰ ৩৫ সংখ্যক মেচখন। মেচখনত চুপাৰ অভাৰত কলকাতাই হায়দৰাবাদক পৰাস্ত কৰিবলৈ সক্ষম হয়। অৱশ্যে কালিৰ এই মেচখনক লৈ যিমান চৰ্চা আৰম্ভ হৈছে তাতকৈ বেছি চৰ্চা হৈছে মেচখনৰ এগৰাকী আম্পায়াৰক লৈ হে।
কালিৰ মেচখনৰ দুগৰাকী আম্পায়াৰৰ ভিতৰত এগৰাকী আম্পায়াৰ আছিল পশ্চিম পাঠক। এই পশ্চিম পাঠকক লৈয়ে এতিয়া সৰ্বত্ৰ চৰ্চা। মেচখনত পশ্চিম পাঠকে দীঘল হেয়াৰ ষ্টাইলেৰে আম্পায়াৰিং কৰিছিল। তেওঁৰ এই হেয়াৰ ষ্টাইল দেখিয়েই আৰম্ভ হৈছে চৰ্চা। কোনো কোনোৱে কবলৈ বিচাৰে বলিউডৰ ব্লকবাষ্টাৰ ছবি ‘ৰকষ্টাৰ’ৰ ৰনবীৰ কাপুৰৰ দৰে লাগিছিল পাঠকক। ইয়াৰ উপৰিও আন একাংশই আকৌ ভাবিয়েই লৈছিল পশ্চিম পাঠক এগৰাকী মহিলা আম্পায়াৰ।
উল্লেখ্য যে পশ্চিম পাঠক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু মুম্বাই ক্ৰিকেট এছ’শ্বিয়েছনৰ এগৰাকী সুদক্ষ আম্পায়াৰ। ইয়াৰ পূৰ্বে তেওঁ ২০১৪ আৰু ১৫ আইপিএলত আম্পায়াৰিং কৰিছিল। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাঠকে ২ খন টেষ্ট আৰু ৩ খন এদিনীয়াত আম্পায়াৰিং কৰাৰ অভিজ্ঞতা আহৰণ কৰিছে। তেওঁ ২০০৯ চনতে বিচিচিআইৰ দ্বাৰা আম্পায়াৰ হিচাপে স্বীকৃতি লাভ কৰিছিল।