ছচিয়েল মিডিয়াত ৰিয়ানৰ আশাভৰা পোষ্ট
অলিম্পিয়া প্ৰতিবেদন: আই পি এলৰ ফাইনেলৰ মহাৰণত ৰাজস্থান ৰয়েলছৰ দুখজনক পৰাজয় । সমালোচনাৰ বলি অসম সন্তান ৰিয়ান পৰাগ । ইনষ্টাগামত ৰিয়ানৰ আশাভৰা পোষ্ট । বিগত আই পি এলৰ ফাইনেলত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন আছিল হতাশাজনক । যাৰ বাবে দেওবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে সাত উইকেটত পৰাজিত হবলগীয়া হয় ।
এই পৰাজয় যেন একাংশ অনুৰাগীয়ে মানি ল’ব পৰা নাই । ৰাজস্থান ৰয়েলছৰ খেলুৱৈৰ নিম্ন প্ৰদৰ্শনৰ বাবে কেইবাগৰাকীও খেলুৱৈক দোষাৰোপ কৰা হৈছে । তেওঁলোকৰ এজন হল ৰিয়ান পৰাগ ।গুজৰাট টাইটানছৰ বিৰুদ্ধে যুঁজত বেট ঘূৰাব পৰা নাছিল যুৱ ক্ৰিকেটাৰ গৰাকীয়ে । ১৫ টা বলত মাত্ৰ ১৫ ৰাণ কৰি স্বভাৱসুলভ ভাৱেই আউট হৈছিল ৰিয়ান । ইয়াৰ পাছতেই সামাজিক মাধ্যমত ট্ৰলৰ বলি হ’ল- ৰিয়ান । বিভিন্ন জনে বিভিন্ন ধৰণেৰে ৰিয়ানক কৰিলে চোকা সমালোচনা ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
কিন্তু এই সমালোচনাক যেন প্ৰত্যাহ্বান জনালে ৰিয়ানে । নিজৰ ইনষ্টাগামৰ জৰিয়তে ২০ বছৰীয়া ৰিয়ানে কৰিলে এক গুৰুত্বপূৰ্ণ পোষ্ট । ৰিয়ানে হাতত আই পি এলৰ স্মাৰকখন লৈ এখন হাঁহিমুখীয়া ফটো শ্বেয়াৰ কৰি নিজৰ ভাৱ ইংৰাজীতে প্ৰকাশ কৰিলে । ইয়াৰ পাছতেই চৰ্চিত বিশেষ পোষ্ট ।
ৰিয়ানে নিজৰ ছচিয়েল মিডিয়াত লিখিলে এনেদৰে-
” কেতিয়াবা আমি সকলোৱে পাছলৈ উভতি চাই হাঁহিব পাৰো । এইবাবেই হঁহা যায় যে সমগ্ৰ পৃথিৱীয়ে তোমাৰ সম্পৰ্কে কি ভাবিছে, সেয়া কোনো ধাৰ্তব্য বিষয় নহয় । আমি প্ৰতিনিশা যেতিয়া বিছনাত শুবলৈ যাওঁ, তেতিয়াও হাঁহো,কাৰণ জানো যে মই ১০০ শতাংশই দিছো ।
হাঁহিখিনি হেৰুৱাই নেপেলাব
কালিৰ নিশাটো আমাৰ নাছিল যদিও এয়া আছিল নিশ্চয়কৈ কিবা স্মৰণযোগ্য বিষয়ৰ আৰম্ভণি । হাঁহিখিনি হেৰুৱাই নেপেলাব । কাৰণ আমি তোমাৰ কালিৰ দিনটো সফল কৰিব নোৱাৰিলো যদিও এইবাবেই হাঁহক যে, আমি নিশ্চয়কৈ তোমাৰ কাইলৈটোৰ এটা অংশ হম, এদিন । তেতিয়ালৈকে ধৈৰ্য ধৰক । হাল্লা বোল ।
এইদৰেই যেন সমালোচনাক পৰোক্ষ ভাৱে প্ৰত্যুত্তৰ দিলে যুৱ ক্ৰিকেটাৰ ৰিয়ানে। তেওঁ এই তীৰ্যক পোষ্টটোৰ জৰিয়তে অনুৰাগী আৰু ৰাজস্থান ৰয়েলছৰ সকলো সমৰ্থকক হাঁহি বাদ নিদিবলৈ আহ্বান জনায় । ৰিয়ানৰ দৃষ্টিত আজি চেম্পিয়ন হোৱা নাই, সেয়া ভৱিষ্যতে হৈ উঠিব । ৰিয়ানৰ মতে তেওঁ যেন খেলপথাৰত উজাৰি দিছিল শ্ৰেষ্ঠত্ব ।
ৰিয়ানৰ এই বিশেষ পোষ্টটোৰ অৰ্থ কি ? সমালোচনাত হতাশ হৈছে নেকি ৰিয়ান ? কিন্তু হাঁহিয়েই যে সকলো সেয়া পুনৰ বাৰ্তা দিলে ৰিয়ানে । সম্পূৰ্ণ আশাবাদী দৃষ্টিভংগী পৰিস্ফুট হৈছে ৰিয়ানৰ এই পোষ্টত ।
ৰিয়ানৰ এই মনৰ ভাৱসমূহ অনুৰাগীয়ে কিদৰে গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় ।