Thursday, July 7, 2022
HomeNewsছটা বলত ছটা ছয় কোবালে পোলাৰ্ডে

ছটা বলত ছটা ছয় কোবালে পোলাৰ্ডে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা অভাৰত ছটা ছয় কোবোৱা ক্ৰিকেটাৰৰ তালিকাত নাম সন্নিবিষ্ট হ’ল আন এগৰাকী ক্ৰিকেটাৰৰ। ৱেষ্ট ইণ্ডিজৰ কিৰণ পোলাৰ্ডে আজি এই তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল।

ৱেষ্ট ইণ্ডিজৰ টি-২০ দলৰ অধিনায়ক কিৰণ পোলাৰ্ডে আজি শ্ৰীলংকাত অনুষ্ঠিত হৈ থকা টি-২০ ছিৰিজৰ প্ৰথমখন টি-২০ ত ছয় বলত ছটা ছয় কোবাই ইতিহাস সৃষ্টি কৰিলে। তেওঁ হৈ পৰিল এটা অভাৰত ছটা ছয় কোবোৱা বিশ্বৰ তৃতীয়জন আৰু প্ৰথমজন কেৰিবীয়ান।

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ য়ুবৰাজ সিঙে ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে এখন মেচত ছটা বলত ছটা ছয় কোবাই ইতিহাস ৰচনা কৰিছিল। টি-২০ ত এটা অভাৰত ছটা ছয় কোবোৱা তেওঁৱেই প্ৰথমজন ক্ৰিকেটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল।

আনহাতে দক্ষিণ আফ্ৰিকাৰ হাৰ্ছলে গিবছে নেডাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এখন এদিনীয়াত ছটা বলত ছটা ছয় কোবাই অভিলেখ গঢ়িছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments