দেশৰ ফিল্মী জগতত ক্ৰীড়া ক্ষেত্ৰৰ প্ৰসিদ্ধ ব্যক্তিৰ জীৱনৰ আধাৰত বোলছবি নিৰ্মাণৰ এক ট্ৰেণ্ড সৃষ্টি হৈছে। প্ৰতি বছৰে কোনোবা নহয় কোনোবা এজন ক্ৰীড়াবিদৰ জীৱনৰ আধাৰত নিৰ্মাণ হৈ আছে বোলছবি। বলিউদৰ বহু তাৰকাই নাম ভূমিকাত অভিনয় কৰা এই বিগ বাজেটৰ বায়পিকবোৰ দৰ্শকেও আকোৱালি লৈছে। এইবাৰ নিৰ্মাণ হবলৈ আগবাঢ়িছে অলিম্পিকত পদক প্ৰাপ্ত একমাত্ৰ ভাৰতীয় শ্বাটলাৰ ছাইনা নেহৱালৰ বায়পিক। আগন্তুক বৰ্ষত মুক্তিলাভ কৰিব ছাইনা নামৰ বায়পিকখন।
বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণিতি চোপ্ৰাই ছাইনা বায়পিকখনত ছাইনা নেহৱালৰ চৰিত্ৰত অভিনয় কৰিব। ইতিমধ্যে পৰিণিতি চোপ্ৰা আৰু ছাইনা নেহৱালে ইয়াৰ ফটো সামাজিক মাধ্যমত আপলোড কৰিছে।
বলিউদৰ প্ৰখ্যাত চিত্ৰ নিৰ্মাতা ভূষণ কুমাৰে নিৰ্মাণ কৰি থকা এই বোলছবিখনৰ বাবে ছাইনা নেহৱালে পৰিণিতিৰ লগতে ইয়াৰ লগত জৰিত সকলোকে শুভেচ্ছা জনাইছে।
ইফালে পৰিণিতি চোপ্ৰাকো বোলছবিখনকলৈ যথেষ্ট আনন্দিত দেখা গৈছে। পৰিণিতিয়ে কৈছে যে, এই বোলছবিৰ বাবে তেওঁক বিশ্ব মানৰ খেলুৱৈয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে। উল্লেখ্য যে ১১ অক্টোবৰৰ পৰা আৰম্ভ হৈছে ছাইনাৰ চিত্ৰগ্ৰহণ।