Sunday, October 2, 2022
HomeNewsছাইৰ দ্বাৰা ক্ৰীড়া প্ৰশিক্ষকৰ ৬ সপ্তাহৰ চাৰ্টিফিকেট কোৰ্চ

ছাইৰ দ্বাৰা ক্ৰীড়া প্ৰশিক্ষকৰ ৬ সপ্তাহৰ চাৰ্টিফিকেট কোৰ্চ

অলিম্পিয়া প্রতিবেদন

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ পাতিয়ালাৰ নেতাজী সুভাষ ৰাষ্ট্ৰীয় প্রতিষ্ঠানে ক্ৰীড়া প্ৰশিক্ষকৰ বাবে ৬ সপ্তাহৰ এক চাৰ্টিফিকেট কোৰ্চ আৰম্ভ কৰিছে । এই পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে প্ৰাৰ্থীৰ পৰা অনলাইন যোগে আবেদন পত্ৰ আহ্বান কৰিছে । আবেদন পত্ৰ দাখিলৰ অন্তিম দিন ২০২২ৰ ২৫ এপ্ৰিল । প্ৰাৰ্থীসকলে www.6wcc.nsnis. in পৰ্টেল যোগে অনলাইন আবেদন পঞ্জীয়ন কৰিব লাগিব । ৭ এপ্ৰিল বৃহস্পতিবাৰৰ পৰা আবেদন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে । ২৮ এপ্ৰিলৰ পৰা ২ মে লৈ আবেদন পত্ৰৰ মূল্যায়ন ,৬ মে শুকুৰবাৰে প্ৰাৰ্থীৰ তালিকা প্রকাশ , ৯ মে ৰ পৰা ৪ জুনলৈ অনলাইন পাঠদান , ৬ জুন সোমবাৰে থিয়ৰী পৰীক্ষা , ৯ জুন বৃহস্পতিবাৰে থিয়ৰী পৰীক্ষাৰ ফলাফল ঘোষণা, ১০ জুন শুকুৰবাৰে সোঁশৰীৰে উপস্থিত , ১৩ৰ পৰা ২৭ জুনলৈ প্ৰেক্টিকেল টিছিং , ১৮ জুন শনিবাৰে পুনৰ থিয়ৰী পৰীক্ষা , ২৮ ,২৯ জুনত প্ৰেক্টিকেল পৰীক্ষা আৰু ৩০ জুন বৃহস্পতিবাৰে চাৰ্টিফিকেট প্ৰদান সমাৰোহ অনুষ্ঠানৰ দিন ধাৰ্য কৰা হৈছে । ৯ মে ৰ পৰা ৩০ জুনলৈ হ’বলগা এই প্ৰশিক্ষকৰ পাঠ্যক্ৰমত মুঠ ২৮ বিধ ক্ৰীড়াক অন্তৰ্ভুক্ত কৰা হৈছে । ক্ৰীড়া ইভেণ্টসমূহ হ’ল–
(১) আৰ্চাৰী
(২) এথলেটিকছ
(৩) বেডমিণ্টন
(৪) বাস্কেটবল
(৫) বক্সিং
(৬) কেন’য়িং এণ্ড কায়াকিং
(৭) ক্ৰিকেট
(৮) ফেন্সিং
(৯) ফুটবল
(১০) জিমনাষ্টিকছ
(১১) হেণ্ডবল
(১২) হকী
(১৩) জুডু
(১৪) কাবাডী
(১৫) খো খো
(১৬) ৰোল বল
(১৭) ৰয়িং
(১৮) ছফ্টবল
(১৯) শ্বুটিং
(20) ছুইমিং
(২১) টাইকোৱানডো
(২২) টেবুল টেনিছ
(২৩) লন টেনিছ
(২৪) ভলীবল
(২৫) ৱেইটলিফটিং
(২৬) ৰেছলিং
(২৭) উশ্বু আৰু
(২৮) যোগ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments