Thursday, July 7, 2022
HomeNewsছাউথ পইণ্ট স্কুলৰ দেওবৰীয়া ৰেপিড দবাত প্ৰকাশ নাথ, কৃষ্ণাভ মৃন্ময় হাজৰিকা চেম্পিয়ন

ছাউথ পইণ্ট স্কুলৰ দেওবৰীয়া ৰেপিড দবাত প্ৰকাশ নাথ, কৃষ্ণাভ মৃন্ময় হাজৰিকা চেম্পিয়ন

ছাউথ পইণ্ট স্কুলৰ দেওবৰীয়া ৰেপিড দবাত প্ৰকাশ নাথ, কৃষ্ণাভ মৃন্ময় হাজৰিকা চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী বৰ্ষপাৰাৰ ছাউথ পইণ্ট স্কুলত দেওবৰীয়া ৰেপিড দবা টুৰ্ণমেণ্ট অনুষ্ঠিত হয়।৷ এই টুৰ্ণমেণ্টৰ ১৬ বছৰ অনূৰ্দ্ধ শাখাত প্ৰকাশ নাথ আৰু ১০ বছৰ অনূৰ্দ্ধ শাখাত কৃষ্ণাভ মৃন্ময় হাজৰিকাই চেম্পিয়নৰ সন্মান লাভ কৰে ৷ ২৯ মে’ দেওবাৰে ছাউথ পইণ্ট দবা একাডেমীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ মুঠ ৮৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

আৰু অধিক পঢ়ক

টুৰ্ণমেণ্টখন তদাৰক কৰে আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ বিশ্বজিৎ ভৰদ্বাজে ৷ তেওঁক উপ আৰ্বিটাৰ ৰূপে সহায় কৰে চিৰৰঞ্জন ভূঞা, খনিন্দ্ৰ বৰ্মন, মৃণাল ডেকা আৰু পল্লৱ ভট্টাচাৰ্যই ৷ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ছাউথ পইণ্ট স্কুলৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দৰ লগতে বালিপাৰাৰ অসম ভেলী স্কুলৰ দেৱযানী পুৰকায়স্থ আৰু দেৱেশ প্ৰজাপতি ৷ অনূৰ্দ্ধ ৬, ৮, ১০, ১২, ১৪ আৰু ১৬ বছৰ বয়সৰ শীৰ্ষ তিনি গৰাকী খেলুৱৈক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

টুৰ্ণমেণ্টৰ ফলাফলৰ ভিত্তিত প্ৰথম তিনিটা স্থান দখল কৰা খেলুৱৈৰ ভিতৰত ফাইনেল ৰেংকিং হ’ল ক্ৰমে– ১০ বছৰ অনূৰ্দ্ধ ঃ কৃষ্ণাভ মৃন্ময় হাজৰিকা, জগজিৎ সিনহা, বিৰাজ ছেৰাউগী; ১২ বছৰ অনূৰ্দ্ধ ঃ সুভাংগ প্ৰাণ কাশ্যপ, ছোহান কুমাৰ হৰ, প্ৰত্যুষ পোহৰ ডেকা ১৪ বছৰ অনূৰ্দ্ধ ঃ কৰ্নাভ পি ডেকা, শিৱম ডেকা, প্ৰিয়ানুজ দাস; ১৬ বছৰ অনূৰ্দ্ধ ঃ প্ৰকাশ নাথ, তনভীৰ আহমেদ, জিত কাশ্যপ; ৬ বছৰ অনূৰ্দ্ধ ঃ নিতিক দেওৰা, প্ৰজ্ঞান মিট্ৰাল, বিহান গগৈ; ৮ বছৰ অনূৰ্দ্ধ ঃ ছুজেইন আহমেদ, শ্ৰাৱস্ত শৰ্মা, বিদুস্মান বৰকাকতি ৷ এই বাতৰি প্ৰেৰণ কৰিছে মুখ্য আৰ্বিটাৰ বিশ্বজিৎ ভৰদ্বাজে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments