Monday, July 4, 2022
HomeNewsছাকিৰাৰ জীৱনত ছুজিৰ ধুমুহা

ছাকিৰাৰ জীৱনত ছুজিৰ ধুমুহা

ছাকিৰাৰ জীৱনত ছুজিৰ ধুমুহা

অলিম্পিয়া প্ৰতিবেদন: ‘‘ৱাক্কা ৱাক্কা’

ফুটবল বিশ্বকাপ ইতিহাসৰ অন্যতম জনপ্ৰিয় গীতৰ গায়িকা ছাকিৰা ৷ এটা যুগ পূৰ্বে ৩৩ বছৰীয়া এই লাস্যময়ী গায়িকাৰ নৃত্য গীতৰ সৈতে মতলীয়া হৈছিল বিশ্বৰ প্ৰতিজন ব্যক্তি ৷ কলম্বিয়ান তৰুণীয়ে গোৱা সেই ৱাক্কা ৱাক্কা গীতটোৱে এতিয়াও সকলোৰে হৃদয় আলোড়িত কৰে ৷

আৰু অধিক পঢ়ক

২০১০ চনৰ বিশ্বকাপৰ থিম চং আছিল এই ৱাক্কা ৱাক্কা…৷ কিন্তু নিজৰ সংগীতৰ মায়াজালেৰে বিশ্বৰ কোটি কোটি জনতাক সন্মোহিত কৰা ছাকিৰাৰ জীৱনলৈ এতিয়া ধুমুহা নামি আহিছে ৷ মানসিকভাবে ভাগি পৰা ছাকিৰাই এতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লগা হৈছে ৷ কিন্তু কি হৈছে ছাকিৰাৰ ? দুদিন পূৰ্বে বাৰ্ছিলোনাৰ ডিফেণ্ডাৰ জেৰাৰ্ড পিকেৰ সম্পৰ্কত মোহময়ী ব্ৰাজিলিয়ান মডেল ছুজি কোৰতেজে কৰা বিস্ফোৰক মন্তব্যৰ পিছতে মানসিকভাবে ভাগি পৰিছে ছাকিৰা ৷ কিন্তু জেৰাৰ্ডৰ সৈতে সম্পৰ্ক কি ছাকিৰাৰ ?

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

বিশ্বকাপৰ থিম ছং গোৱা ছাকিৰাৰ সৈতে

ইয়াৰ বাবে ঘুৰি যাব লাগিব ২০১০ লৈ ৷ সেইবাৰৰ বিশ্বকাপৰ থিম ছং গোৱা ছাকিৰাৰ সৈতে প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিছিল জেৰাৰ্ড ৷ ছাকিৰাইও পচন্দ কৰিলে তেওঁক ৷ ইয়াৰ পিছত দুয়ো সহসন্মতিৰে একেলগে থাকিবলৈ লৈছিল ৷ বিবাহৰ মধুৰ বান্ধোনেৰে বান্ধ নাখালেও তেওঁলোকৰ সুখৰ সংসাৰখনলৈ আহিল দুই সন্তান মিলান আৰু ছাচা ৷ বিশ্বৰ বিখ্যাত যুগলবন্দী সমৃহৰ অন্যতম হিচাপে চৰ্চালৈ আহিছিল তেওঁলোক ৷ সকলোবোৰ ঠিকেই চলিছিল ৷ কিন্তু লাহে লাহে ছাকিৰাৰ অকৃত্ৰিম মৰমবোৰ যেন অৱহেলা কৰিবলৈ মন গ’ল জেৰাৰ্ডৰ ৷

ব্ৰাজিলিয়ান সুন্দৰী তথা ২০১৮ বিশ্বকাপৰ শুভেচ্ছাদূত ছুজি কোৰেতেজৰ প্ৰতি আকৰ্ষণ বাঢ়িল তেওঁৰ ৷ এদিন বাৰ্ছিলোনাৰ প্ৰাক্তন সভাপতি ছান্ত্ৰ’ ৰ’জেলৰ সামাজিক মাধ্যমৰ বন্ধু কোৰতেজলৈ বন্ধুত্বৰ আহ্বান জনালে জেৰাৰ্ডে ৷ সুন্দৰীয়ে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ পিছতে ইনষ্টাগ্ৰামত জেৰাৰ্ডে তেওঁলৈ বিভিন্ন আপত্তিজনক মন্তব্য প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে ৷

ছুজিক ইউৰোপ ভ্ৰমণলৈও বাৰম্বাৰ আমন্ত্ৰণ জনাইছিল জেৰাৰ্ডে ৷ শেহতীয়াকৈ জেৰাৰ্ডৰ আপত্তিজনক মন্তব্যবোৰে সীমা চেৰাই যোৱাত কথাবোৰ মুকলিকৈ কোৱাৰ বাবে বাধ্য হয় ছুজি ৷ কিন্তু ইমানদিনে মনে মনে আছিল কিয় তেওঁ ? এইক্ষেত্ৰত ছুজিৰ মন্তব্য– “ছাকিৰাৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইমানদিন মনে মনে আছিলো ৷ কিন্তু আৰু নহ’ব ৷ এতিয়া সকলোবোৰ খোলাকৈ ক’ম ৷ মোৰ সৈতে কি হৈছিল সেয়াও ক’ম ৷” ছুজিৰ ৰেকৰ্ড বক্সৰ পৰা আৰু কি বিস্ফোৰণ হ’ব সেয়া নাজানিলেও ছাকিৰাই ইতিমধ্যে জেৰাৰ্ডৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰিছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments