ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপৰ বাবে ঘোষণা কৰা হৈছে অসম দলটো। আগন্তক ২১ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ঝাৰখণ্ডৰ ৰাঁছিত অনুষ্ঠিত হ’ব বিংশতিতম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ প্ৰতিযোগিতাখন। চান্দা আৰু টাউলো দুয়োটা শাখাতে মুঠ ৪৩ গৰাকী ল’ৰা আৰু ছোৱালীৰে গঠিত হৈছে অসম দলটো। আনহাতে দলটোৰ অফিচিয়েল হিচাপে আছে মুঠ ৪ গৰাকী ব্যক্তি।

