ছুমো খেলুৱৈৰ মৃত্যু

খেলি থকাৰ অৱস্থাত মূউ আঘাত পাই মৃত্যু হ’ল জাপানৰ ছুমো খেলুৱৈ হিবিকিৰিউৰ। ২৮ বৰ্ষীয় ছুমো খেলুৱৈজনে যোৱা ২৬ মাৰ্চত অনুষ্ঠিত এক প্ৰতিযোগিতাত প্ৰতিদ্বন্দী গৰাকীয়ে তেওঁক মাটিত বগৰাই দিয়াত মূৰত আঘাত পাইছিল। লগে লগে তেওঁ অচেতন হৈ পৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতেই ষ্ট্ৰেচাৰেৰে তেওঁক লৈ যোৱা হয় আৰু তেওঁ চেতনা লাভ কৰি শৰীৰৰ নিম্ন অংশ বিকল হৈ যোৱা যেন অনুভৱ কৰে‌।

ইয়াৰ পিছতে চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ পিছতেই তেওঁৰ অৱস্থা সুস্থিৰ হৈছিল যদিও পুনৰ অচেতন হৈ মৃত্যুক সাৱটি লয়। এই ঘটনাৰ লগে লগেই জাপানত খেলাৰ সময়ত আয়োজকে চিকিৎসাৰ দিশটোক আওকাণ কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে। ছুমো খেলুৱৈ গৰাকীৰ বাবে আয়োজক সকলে আঘাত লাভ কৰাৰ লগে লগে চিকিৎসাৰ সামান্যতম ব্যৱস্থাও নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, প্ৰয়াত হিবিকিৰিউৱে ২০১১ চনত প্ৰফেচনেল ছুমোত আত্মপ্ৰকাশ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *