Tuesday, October 4, 2022
HomeNewsছেৰেনা উইলিয়ামছৰ বৰ্ণাঢ্য কেৰিয়াৰৰ সামৰণ

ছেৰেনা উইলিয়ামছৰ বৰ্ণাঢ্য কেৰিয়াৰৰ সামৰণ

ইউ এছ অ’পেনৰ পৰাই টেনিছক বিদায়

অলিম্পিয়া প্ৰতিবেদন: ২০ টা গ্ৰেণ্ডশ্লামৰ অধিকাৰী ছেৰেনা উইলিয়ামছে ইউ এছ অ’পেনৰ তৃতীয় ৰাউণ্ডৰ শেষলৈকে যুঁজ দিলে ৷ ছেভ কৰিলে ৭ টা মেচ পইণ্ট ৷ তথাপি তৃতীয় ৰাউণ্ডতে থমকিল ছেৰেনা ৷ অ’পেন যুগৰ টেনিছৰ অন্যতম শ্ৰেষ্ঠ মহিলা খেলুৱৈগৰাকীৰ বৰ্ণাঢ্য কেৰিয়াৰৰ সামৰণি পৰিল এনেকৈয়ে ৷ অষ্ট্ৰেলিয়ান তাৰকা আলিয়া টমলানোভিছৰ বিৰুদ্ধে ৩ ঘণ্টা ৫ মিনিট ধৰি যুঁজাৰ অন্তত পৰাস্ত হ’ল কিংবদন্তি ছেৰেনা ৷

৩ টা ছেটৰ যুঁজত ৭-৫, ৬-৭, ৬-১ ব্যৱধানত ইউ এছ অ’পেনত অভিযান সামৰিলে তেওঁ ৷ ইয়াৰ লগে লগে শেষ হ’ল তেওঁৰ বৰ্ণময় টেনিছ কেৰিয়াৰ ৷ ৪০ বছৰ বয়সীয়া ছেৰেনাই যোৱা মাহতেই ইংগিত দিছিল যে এই বাৰৰ ইউ এছ অ’পেনতে টেনিছক তেওঁ শেষ বিদায় জনাব ৷ এই পৰাজয়ৰ লগে লগে শেষ হ’ল নেকি ছেৰেনাৰ টেনিছ কেৰিয়াৰ ? টেনিছৰ কৰ্টত তেওঁক পুনৰ দেখা পোৱা নায়াব নেকি ?

মেচৰ শেষত এক আবেগবিহ্বল মূহুৰ্তত এনে ধৰণৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘ভৱিষ্যতৰ কথা কোনেও নিশ্চিতভাৱে ক’ব নোৱাৰে ৷ এই যাত্ৰা মোৰ জীৱনৰ অত্যন্ত সফল বুলি গণ্য কৰিছো ৷ মোৰ কেৰিয়াৰত যিসকল ব্যক্তিয়ে উৎসাহিত কৰিলে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ ৷ আপোনালোকৰ বাবে মই এইখিনি পৰ্যন্ত উপনীত হ’ব পাৰিছো ৷’’ ২০ টা গ্ৰেণ্ডশ্লামৰ অধিকাৰী ছেৰেনাই নিজৰ অন্তিমখন মেচত গেলেৰীপূৰ্ণ দৰ্শকৰ আগত নিজৰ সকলো উজাৰি দিলে ৷

প্ৰথমটো ছেট হৰাৰ পিছত ছেৰেনাই দ্বিতীয় ছেটত দুৰ্দান্ত যুঁজ দিলে ৷ টাইব্ৰেকাৰত দ্বিতীয় ছেটত জয়ী হোৱা মেচত প্ৰত্যাৱৰ্তন কৰিলে তেওঁ ৷ কিন্তু নিৰ্ণায়ক ছেটটোত তেওঁ স্বাভাৱিকতে ভাগৰুৱা হৈ পৰিল ৷ ফিটনেছে বাধা দিলে তেওঁক ৷ অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকীৰ বিৰুদ্ধে অন্তিমটো ছেটত তেওঁ অনায়াসে পৰাস্ত হ’ল ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments