Tuesday, October 4, 2022
HomeNewsছোৱেইব আখতাৰ হব পাকিস্তান ক্ৰিকেটৰ মুখ্য নিৰ্বাচক!

ছোৱেইব আখতাৰ হব পাকিস্তান ক্ৰিকেটৰ মুখ্য নিৰ্বাচক!

অলিম্পিয়াৰ প্ৰতিবেদন

পাকিস্তানৰ পূৰ্বৰ বেগী বলাৰ ছোৱেইব আখতাৰে এক অনুষ্ঠানত কৈছে যে, তেওঁক পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডে মুখ্য নিৰ্বাচকৰ দায়িত্ব গ্ৰহণৰ কৰিবলৈ কৈছে আৰু তেওঁ এই গধূৰ দায়িত্ব গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে। অৱশ্যে এতিয়ালৈকে এই বিষয়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ প্ৰকাশ পোৱা নাই।

বৰ্তমান পাকিস্তানৰ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক আৰু মুখ্য নিৰ্বাচক দুয়োতাৰে দায়িত্বত আছে দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰ মিচবাহ-উল-হক। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মিচবাহৰ দায়িত্ব কিছু পাতল কৰিবলৈকে আখতাৰক মুখ্য নিৰ্বাচকৰ দায়িত্ব অৰ্পন কৰাৰ চিন্তা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।

আনহাতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ নতুন ক’ড অফ এথিকছ পলিচি অনুসৰি এজন ব্যক্তি এটাতকৈ অধিক পদত থাকিব নোৱাৰিব। এই ফালৰ পৰাও মিচবাহৰ যিকোনো এটা পদ কৰ্তন কৰােটা জৰুৰী হৈ পৰিছে।

আখতাৰে এই গোটেই বিষয়টোৰ ওপৰত এতিয়াই বহু কথা ক’ব নোৱাৰিব বুলি কোৱাৰ উপৰিও এতিয়াই সকলো চূড়ান্ত হোৱা নাই বুলি মতামত আগবঢ়াইছে।

পাকিস্তানৰ পূৰ্বৰ বেগী বলাৰজনে আকৌ কয় যে, এতিয়া মই বহু আৰাম দায়ক জীৱন অতিবাহিত কৰিছোঁ। কিন্তু এতিয়া মই আৰাম ত্য়াগ কৰিবলৈ প্ৰস্তুত হৈ পৰিছো আৰু দেশৰ ক্ৰিকেটক অধিক ভাল কৰিবলৈ যিকোনো ৰিস্ক গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈ পৰিছোঁ। মই পৰামৰ্শ প্ৰদান কৰিবলৈ ভয় নকৰো।

আনহাতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আখতাৰলৈ আগবঢ়োৱা প্ৰস্তাব যদি তেওঁ স্বীকাৰ কৰে তেনে তেওঁ এই দায়িত্ব পালনৰ বাবে ব’ৰ্ডৰ পৰা কোনোধৰণৰ বেতন নলয় বুলিও মন্তব্য কৰিছে। তেওঁ কেৱল বিশ্বমানৰ ক্ৰিকেটাৰৰ এক সাকু তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব যিয়ে আগন্তুক সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দীঘলীয়া সময়ৰ বাবে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব। এনেকুৱা ক্ৰিকেটাৰ তেওঁ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব যে, যিয়ে আক্ৰমনাত্মক মনোভাৱেৰে ভয় নোহোৱাকৈ দেশৰ বাবে খেলি যাব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments