Tuesday, October 4, 2022
HomeNewsছয়গাওঁত তুলসী ৰাম কলিতা সোঁৱৰণী আমন্ত্রণমূলক প্ৰতিযোগিতাৰ সফল সামৰণি

ছয়গাওঁত তুলসী ৰাম কলিতা সোঁৱৰণী আমন্ত্রণমূলক প্ৰতিযোগিতাৰ সফল সামৰণি

ছয়গাওঁত তুলসী ৰাম কলিতা সোঁৱৰণী আমন্ত্রণমূলক প্ৰতিযোগিতাৰ সফল সামৰণি

অলিম্পিয়া প্ৰতিবেদন: ছয়গাঁৱত ফুটবলৰ বতাহ । দুভৰিৰ ছন্দত জীপাল ছয়গাঁও মিনি ষ্টেডিয়াম । বঙাইগাঁৱে দখল কৰিলে চেম্পিয়নৰ খিতাপ । বিজয়ী ট্ৰফী লৈ খেলুৱৈৰ মুখত বিৰিঙিল উল্লাসৰ হাঁহি ।

ছয়গাওঁ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত তুলসী ৰাম কলিতা সোঁৱৰণী আমন্ত্রণমূলক প্ৰতিযোগিতাৰ ঘটিল সফল সামৰণি । কেইবাটাও শক্তিশালী দলে ছয়গাওঁ মিনি ষ্টেডিয়ামত প্ৰদৰ্শন কৰিলে দুভৰিৰ যাদু । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দল সমূহ আছিল -বঙাইগাওঁ এলেভেন ষ্টাৰ, নৱজ্যোতি এফ চি গুৱাহাটী, এ এছ ই বি এছ চি ,ইউনাইটেড চিৰাং দুৱাৰ এফ চি, গুৱাহাটীৰ গ্ৰীণ ভেলী এফ চি, চানৰাইজ এ ছি, বন্দাপাৰাৰ কামৰূপা এফ চি, লীগ চেম্পিয়ন আদি ফুটবল দলে।

সোমবাৰে অনুষ্ঠিত হ’ল এই প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণ । খেলপথাৰত অৱতীৰ্ণ হ’ল বঙাইগাওঁ ইলেভেন ষ্টাৰ আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ । তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ১-০ গ’লেৰে অগ্ৰগতি লাভ কৰে বঙাইগাওঁ ইলেভেন ষ্টাৰে । ৰেফাৰীৰ হুছেইল বাজি উঠালৈকে কোনো গ’ল পৰিশোধ কৰিবলৈ সক্ষম নহ’ল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে । ফলত চেম্পিয়নৰ মুকুট পিন্ধিলে বঙাইগাওঁ ইলেভেন ষ্টাৰ দলে ।

উল্লেখযোগ্য যে, ছয়গাওঁ ক্ৰীড়া সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত ।

ফাইনেল খেলৰ আৰম্ভণিতে দুয়ো দলৰ খেলুৱৈৰ সৈতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আৰু প্ৰতিযোগিতাৰ দাতা প্ৰাক্তন মন্ত্ৰী ডাঃকমলা কান্ত কলিতাৰ সৈতে পৰিচয় কৰাই দিয়া হয় । খেলৰ অন্তত ডাঃকলিতা
, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু ছয়গাঁও ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অম্বৰীশ বৰাই তুলসীৰাম কলিতা সোঁৱৰণী বঁটাসমূহ আৰু নগদ ধন প্ৰদান কৰে । অনুষ্ঠানত ছয়গাঁৱৰ খণ্ড উন্নয়ন বিষয়া কাশ্যপী কাশ্যপ অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ৰাজ কাকতি আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক ধ্ৰুবজ্যেতি কলিতা উপস্থিত থাকে ।

তুলসী ৰাম কলিতা সোঁৱৰণী আমন্ত্রণমূলক ফুটবল প্ৰতিযোগিতাখন দিনে দিনে জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি মন্তব্য কৰিলে কেশৱ মহন্তই । এই অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হৈ পৰিল ৰাজ্যৰ স্বাস্থ্যমন্ত্রী গৰাকী ।

ছয়গাওঁ ক্ৰীড়া সন্থাৰ পদক্ষেপক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে । সকলোৰে আশা —- এনে প্ৰতিযোগিতাৰ আচলত ধৰিয়েই বহুদূৰ আগুৱাই যাওক অসমৰ ফুটবলাৰ । ছয়গাঁৱত সৃষ্টি হওক ফুটবল বিপ্লৱৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments