Thursday, July 7, 2022
HomeNewsজটিলতাৰ মাজত আই পি এল : কি হ'ব দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৮...

জটিলতাৰ মাজত আই পি এল : কি হ’ব দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৮ খন মেচ?

কি হ’ব আই পি এলৰ ভৱিষ্যত? আয়োজকে সুকলমে অনুষ্ঠিত কৰিব পাৰিবনে আই পি এলৰ মেচসমূহ? কৰ’না ভাইৰাছৰ প্ৰকোপৰ বাবে বাতিল বা স্থগিত কৰিব লাগিব নেকি আই পি এলৰ মেচসমূহ? এনেবোৰ প্ৰশ্নই এতিয়া আই পি এল প্ৰেমীৰ মনত ক্ৰিয়া কৰিছে। ইতিমধ্যে আই পি এলৰ ১৭ খনকৈ মেচ সুকলমে অনুষ্ঠিত হৈ গৈছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে কৰ’নাৰ মাজতে আই পি এল অনুষ্ঠিত কৰাক লৈয়ো সৃষ্টি হৈছে বিতৰ্ক। দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ, অক্সিজেনৰ অভাৱত শতাধিক লোকৰ মৃত্যুকে ধৰি এক অভাৱনীয় পৰিবেশৰ সূচনা হোৱাৰ সময়ত, আই পি এল অনুষ্ঠিত কৰি মনোৰঞ্জনত মতলীয়া হৈ থকাক লৈ বহুতেই চোকা সমালোচনা কৰিছে বি চি চি আইক। অৱশ্যে এনে সমালোচনাৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই বি চি চি আইয়ে।

পিছে বৰ্তমানলৈকে সুকলমে আই পি এলৰ মেচ অনুষ্ঠিত হৈ আহিছে যদিও আগন্তুক কেইখনমমান মেচক লৈ এতিয়া সমস্যাৰ সৃষ্টি হৈছে। সূচী অনুসৰি ২৮ এপ্ৰিলৰ পৰা দিল্লীত অনুষ্ঠিত হ’ব ৮ খন মেচ। মুম্বাই ইণ্ডিয়ানছ, চেন্নাই চুপাৰ কিংছ, ছানৰাইৰাৰ্ছ হাইদৰাবাদ আৰু ৰাজস্থান ৰয়েলছ দলে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত খেলিব লাগিব ৮ খন গুৰুত্বপূৰ্ণ মেচ। কিন্তু বৰ্তমান সময়ত দিল্লীৰ আকাশ, বতাহত কেৱল মৃত্যুৰ কিৰিলি। কৰ’নাত বিধ্বস্ত হোৱা দেশৰ প্ৰধান চহৰ কেইখনৰ ভিতৰত দিল্লী আছে প্ৰথম স্থানত। কৰ’নাৰ দ্বিতীয়টো ঢৌত বৰ্তমানলৈকে দিল্লীত ৩০০ জন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৬ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে। দিল্লীৰ হস্পিতালত ৰোগীৰ বাবে বিচনাৰ সমান্তৰালভাৱে অক্সিজেনৰ নাটনি হৈছে। এনে এক জটিল পৰিবেশৰ মাজত আই পি এলৰ মেচ দিল্লীত অনুষ্ঠিত কৰিব পৰা যাব নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

অৱশ্যে দিল্লী ক্ৰিকেট ব’ৰ্ডে ষ্টেডিয়ামখন বৰ্তমানেও সুৰক্ষিত হৈ আছে বুলি দাবী কৰিছে।ষ্টেডিয়ামখন জৈৱ সুৰক্ষাৰ মাজত ৰাখিবলৈ তেওঁলোক সক্ষম হৈছে। দিল্লাী আৰু জিলা ক্ৰিকেট সন্থাৰ অধ্যক্ষ ৰোহন জেটলীয়ে ‘ইনছাইড স্প’ৰ্ট’ৰ আগত উল্লেখ কৰা অনুসৰি সূচী অনুসৰিয়েই মেচ অনুষ্ঠিত হ’ব। জৈৱ সুৰক্ষা ব্যৱস্থা সুৰক্ষিত হৈ আছে। তেওঁ কৈছে যদি মই জৈৱ সুৰক্ষা ব্যৱস্থাৰ অন্তৰ্গত নহয় তেনে মই ষ্টডিয়ামৰ ভিতৰত কোনো ব্যক্তিকে লগ ধৰিব নোৱাৰো। গ্ৰাউণ্ড ষ্টাফকে ধৰি সকলো ব্যক্তি জৈৱ সুৰক্ষা ব্যৱস্থাৰ অন্তৰ্গত।

জেটলিৰ এনে মন্তব্যৰ পিছতো অৱশ্যে কিছু শংকা, কিছু জটিলতা নথকা নহয়। দিল্লীৰ বৰ্তমানৰ কৰ’নাৰ সংক্ৰমণৰ পৰিবেশৰ প্ৰতি লক্ষ্য কৰি প্ৰতিটো দলৰ খেলুৱৈ তথা ষ্টাফসকল প্ৰতিটো খোজতে যে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব সেয়া নিশ্চিত। কাৰোবাৰ এটা ভুলেই হয়তো প্ৰতিযোগিতাখনৈল নমাই আনিব অনিশ্চয়তা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments