Monday, July 4, 2022
HomeNewsজনপ্ৰতিনিধিৰ কাণ্ড! খেল ইণ্ডিয়াত স্বৰ্ণ পদক প্ৰাপ্ত গংগোত্ৰীক এখন চাইকেল দিম বুলি...

জনপ্ৰতিনিধিৰ কাণ্ড! খেল ইণ্ডিয়াত স্বৰ্ণ পদক প্ৰাপ্ত গংগোত্ৰীক এখন চাইকেল দিম বুলি কোৱা ৰহাৰ বিধায়কে পাহৰিলে নিজৰ প্ৰতিশ্ৰুতি!

খেল’ ইণ্ডিয়া ক্ৰীড়া সমাৰোহত স্বৰ্ণ পদকপ্ৰাপ্ত অসমৰ চাইক্লিষ্ট গংগোত্ৰী বৰদলৈক ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে প্ৰতিশ্ৰুতি প্ৰদান কৰি পাহৰি যোৱাৰ লগতে প্ৰতিভাৱান খেলুৱৈক আশা দি হতাশ কৰা কাৰ্যক লৈ সৰ্বত্ৰ চৰ্চা চলি থকাৰ মাজতে আমি দুয়ো পক্ষৰ লগত যোগাযোগ কৰিছিলোঁ। দুয়োপক্ষৰ টেলিফোনিক মন্তব্য হুবহু ইয়াত দাঙি ধৰা হৈছে।

✍️ তুষাৰ প্ৰতিম

এইখন অসম। ইয়াত কোনে কেতিয়া কাক কি প্ৰতিশ্ৰুতি দিয়ে, কেতিয়া সেই প্ৰতিশ্ৰুতি পাহৰে বা কিমান প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে ৰ‌য় তাৰ কোনো ঠিকনা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী ৰূপে গঢ় দিবলৈ লৈছে বহু প্ৰচেষ্টা। খেলুৱৈৰ সৰ্বদিশৰ উন্নয়নৰ বাবেও বিভিন্ন পদক্ষেপ লোৱাৰ খবৰো প্ৰকাশ পাইছে। আমি অলিম্পিয়াইয়ো এই বিষয়ত অতি আন্তৰিকতাৰে বাতৰি প্ৰকাশ কৰি আহিছোঁ। পিছে মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নিজৰ দলৰেই এজন বিধায়কৰ ওপৰত এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ অভিযোগ। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক প্ৰাপ্ত খেলুৱৈক প্ৰতিশ্ৰুতি দি এতিয়া সেই প্ৰতিশ্ৰুতি পালনৰ পৰা পিছুৱাই যোৱা বুলি অভিযোগ উত্থাপন হৈছে।

চলিত বৰ্ষৰ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল খেল’ ইণ্ডিয়া ক্ৰীড়া সমাৰোহ। সমাৰোহখনিত অসমে ২২ টা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিযোগিতাখনত তিনিটাকৈ পদক লাভ কৰিছিল ৰহাৰ গংগোত্ৰী বৰদলৈয়ে। গংগোত্ৰীৰ এই সফলতাই কেৱল ৰহাকেই নহয়, সমগ্ৰ অসমকে আনন্দিত কৰি তুলিছিল। গংগোত্ৰীৰ সফলতাৰ বাবেই তেওঁৰ গৃহলৈ আগমণ ঘটিছিল বিভিন্ন ব্যক্তিৰ। শুভেচ্ছাৰে উপচাই তুলিছিল গংগোত্ৰী আৰু তেওঁৰ পিতৃ-মাতৃক। গংগোত্ৰীৰ সফলতাৰ বাবে শুভেচ্ছা দিবলৈ গংগোত্ৰীৰ ঘৰলৈ গৈছিল ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস। বিধায়ক গৰাকী গংগোত্ৰীৰ ঘৰলৈ যোৱাৰ সময়ত ঘৰত উপস্থিত নাছিল গংগোত্ৰী। তথাপিও গংগোত্ৰীৰ পৰিয়ালৰ সকলো সদস্যৰ উপস্থিতিত বিধায়ক দাসে গংগোত্ৰীক এখন চাইকেল দিব বুলি ঘোষণা কৰে। সেই সময়ত এই বিষয়ে অসমৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত বাতৰিও সম্প্ৰচাৰ হৈছিল। বিধায়ক গৰাকীৰ এনে ঘোষণাই গংগোত্ৰীৰ পৰিয়ালৰ প্ৰতিজনকে সুখী কৰি তোলাৰ লগতে বিভিন্নজনে ৰহাৰ বিধায়ক গৰাকীৰ এনে কাৰ্য‌ই তৰুণ প্ৰজন্মৰ খেলুৱৈক উৎসাহিত কৰিব বুলিও মতামত আগবঢ়াইছিল।

খেল’ ইণ্ডিয়া ক্ৰীড়া সমাৰোহত স্বৰ্ণ পদক গ্ৰহণ কৰাৰ সময়ত গংগোত্ৰী বৰদলৈ।

এতিয়া খেল’ইণ্ডিয়াৰ গুৱাহাটী সংস্কৰণ অতীত হ’ল। বিধায়ক ডিম্বেশ্বৰ দাসৰ বাবেও গংগোত্ৰী বৰদলৈৰ সেই সাফল্য অতীত হ’ল। পাহৰি গ’ল গংগোত্ৰীৰ সাফল্য, পাহৰি গ’ল তেওঁ দিয়া প্ৰতিশ্ৰুতি। কেৱল সেয়াই নহয়, এতিয়া গংগোত্ৰীৰ ফোন ৰিচিভ কৰিবলৈও সময় নাই বিধায়কগৰাকীৰ।

এই গোটেই ঘটনাৰ সবিশেষ জানিবলৈ আমি যোগাযোগ কৰিছিলোঁ গংগোত্ৰীৰ সৈতে। তেওঁ আমাক গোটেই ঘটনাটো বিৱৰণ দি ক’লে যে বিধায়ক গৰাকীক চাইকেলখন দিবলৈ তেওঁলোকে অনুৰোধ কৰা নাছিল। বৰঞ্চ তেওঁ নিজেই দিম বুলি সকলোৰে আগত কৈছিল।

” যিসময়ত বিধায়কজন আমাৰ ঘৰলৈ আহিছিল সেই সময়ত মই ঘৰত নাছিলোঁ। সেই সময়ত মোৰ ঘৰত গোটেই পৰিয়ালৰ লোক আছিল। তেওঁ মোৰ মাৰ লগতে সকলোৰে আগত, মিডিয়াৰ আগত ঘোষণা কৰিছিল যে তেওঁ মোক এখন চাইকেল দিব। তেওঁ নিজেই কৈছিল, আমি ৰিকুৱেষ্ট কৰা নাছিলোঁ। তাৰপিছত যেতিয়া এতিয়া মই ঘৰলৈ আহিছোঁ, এতিয়া মোক এখন চাইকেলৰ বিশেষ প্ৰয়োজন। কথাটো মায়ে আলোচনা কৰিলে আৰু ১৫ আগষ্ট দিনা তেওঁক কোৱা গ’ল। তেওঁ ক’লে যে, এসপ্তাহ মান বাট চাওঁক মই কিবা এটা কৰিদিম। তাৰপিছত এসপ্তাহ বাট চোৱা পিছত আকৌ তেওঁলৈ ফোন কৰা গ’ল। মাক আকৌ এসপ্তাহ বাট চাবলৈ ক’লে। পিছত যেতিয়া আকৌ ফোন কৰিছে তেওঁ তেতিয়া ফোন বেলেগৰ হাতেৰে কিবা উল্টা-পুল্টা বকাইছে।” (অসম্পাদিত ৰূপ) আমাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এইদৰে কয় গংগোত্ৰীয়ে।

ইয়াৰ পিছতে আমি যোগাযোগ কৰিছিলোঁ ৰহাৰ বিধায়ক ডিম্বেশ্বৰ বৰদলৈৰ লগত। তেওঁ আমাক কি ক’লে তাৰ অসম্পাদিত ৰূপ তলত দাঙি ধাৰিলো।

” মই প্ৰতিশ্ৰুতি দিয়া নাই। মই কৈছিলোঁ যে চিএমক কৈ এখন দিয়াম। এখন চাইকেলৰ দাম পাঁচলাখৰ পৰা ২৫ লাখ হ’লগৈ,মই ক’ৰ পৰা দিম। মই কৈছিলোঁ যে এই বিষয়ে মই চিএমক কম। তাৰ পৰা দিয়াম। তেওঁলোকে ভাবিলে যে মই কৈছোঁ মই দিম বুলি। মোৰ ইমান এফ’ৰ্ড কৰিব পৰা ক্ষমতা নাই। তেওঁলোকে বাৰে বাৰে এই কথাখিনিকে উলিয়াইছে।”

বিধায়ক গৰাকীৰ আমাৰ আগত এইদৰে কোৱাৰ পিছতে আমি প্ৰশ্ন কৰিছিলোঁ, আপুনি চাইকেলখনৰ বিষয়ে মুখ্যমন্ত্ৰীক জনাব বুলি যে কৈছিল, পৰবৰ্তী সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলেনে?

ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস

আমাৰ এই প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে, মই
এইবিষয়ে মুখ্যমন্ত্ৰীক জনাবলৈ সময় পোৱা নাই। ইয়াৰ উপৰিও তেওঁ কয় যে, গংগোত্ৰীৰ ফালৰ পৰা এখন দৰ্খাস্ত লিখি তেওঁক দিলে সেইখন তেওঁ বিভাগীয় কৰ্তৃপক্ষলৈ ফৰ্ৱাৰ্ড কৰি দিব বা নিজেই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব।

এতিয়া প্ৰশ্ন হয়, যদি বিধায়ক ডিম্বেশ্বৰ দাসে মুখ্যমন্ত্ৰীৰ জড়িয়তেই চাইকেলখন দিম বুলি প্ৰতিশ্ৰুতি দিছিল তেনে আজি ৭ মাহৰ পিছতো কিয় তেওঁ মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত নকৰালে? তেওঁ ইমানেই ব্যস্ত নে যে মুখ্যমন্ত্ৰীক এই সৰু কথাটোকে জনাবলৈ ৭ মাহেও সময় নাপালে? আনহাতে গংগোত্ৰীয়ে স্পষ্টকৈ কৈছে যে বিধায়ক ডিম্বেশ্বৰ দাস তেওঁৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁ নিজ গৃহত নাছিল আৰু বিধায়ক গৰাকীয়ে নিজেই চাইকেলখন দিম বুলি ৰাজহুৱাকৈ কৈছিল। তেনে ক্ষেত্ৰত গংগোত্ৰীয়ে পুনৰ দৰ্খাস্ত দিয়াৰ কথা কোৱাটো কিমান যুক্তিসংগত সেয়াও বিচাৰ্যৰ বিষয়।

দিল্লীৰ ইণ্ডিয়া কেম্পত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা গংগোত্ৰীয়ে লকডাউনৰ পূৰ্বে ৰহাৰ নিজ গৃহত আহি উপস্থিত হৈছে। দীঘলীয়া সময় ধৰি অনুশীলনৰ পৰা বঞ্চিত হৈ আছে প্ৰতিভাৱান চাইক্লিষ্ট গৰাকী। এনে সময়ত তেওঁক এখন চাইকেলৰ বিশেষ প্ৰয়োজন। বিধায়ক গৰাকীয়ে দি যোৱা প্ৰতিশ্ৰুতিৰ বাবেহে গংগোত্ৰীৰ মাতৃৰ ফালৰ পৰা বিধায়কক যোগাযোগ কৰা হৈছিল।

এইদৰে এগৰাকী প্ৰতিভাৱান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফল খেলুৱৈৰ সফলতাত নিজেই আগবাঢ়ি আহি প্ৰতিশ্ৰুতি প্ৰদান কৰি সংবাদ শিৰোনাম দখল কৰা বিধায়ক ডিম্বেশ্বৰ দাসে এতিয়া প্ৰতিশ্ৰুতি পালনৰ পৰা পিছহুহকি যোৱা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে ভিন্নজনে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে দেখুওৱা যোগাত্মক মানসিকতাৰ বিপৰীতে তেওঁৰে অনুগামী একাংশ জন প্ৰতিনিধিয়ে এইদৰে খেলুৱৈক প্ৰতিশ্ৰুতি দি পৰবৰ্তী সময়ত প্ৰতিশ্ৰুতি পালনৰ পৰা পলৰিয়া মনোভাৱ দাঙি ধৰা কাৰ্য অসমৰ ক্ৰীড়া জগতখনৰ বাবেই দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments