অলিম্পিয়াৰ প্ৰতিবেদন
শিৱসাগৰ চাইক্লিং ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ। জনসাধাৰণৰ মাজত চাইকেল চলোৱাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্য আগতলৈ শিৱসাগৰৰ পৰা মাজুলীলৈউলিয়াইছে এক বিশেষ চাইকেল ৰেলী।
আজি পুৱা শিৱসাগৰ চাইক্লিং ক্লাবৰ কেইবাজনো সদস্যই জনসাধাৰণৰ মাজত চাইকেল চলোৱাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি এই ৰেলীত অংশগ্ৰহণ কৰে।
শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী মাজুলী ভ্ৰমণ কৰি পুনৰ শিৱসাগৰত উপস্থিত হ’বহি। মাজুলীত দলটোৱে প্ৰায় সকলো সত্ৰ পৰিভ্ৰমণ কৰিব বুলিও জানিব পৰা গৈছে।
মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বেও ক্লাবটোৱে নাহৰকটীয়া, বগীবিল আদি স্থানলৈ চাইকেল ৰেলী উলিয়াই জনসাধাৰণৰ মাজত চাইকেল চলোৱাৰ সজাগতা বৃদ্ধি কৰি আহিছে। এই দলটোৱে আগন্তুক বৰ্ষত চাইকেলেৰে লাডাখ ভ্ৰমণ কৰাৰো লক্ষ্য স্থিৰ কৰিছে।
Source : Northeast Now Assamese
Featured Image : Northeast Now Assamese