Sunday, October 2, 2022
HomeNewsজন্মদিন বিশেষ: অসমৰ বক্সিং লিজেণ্ড শিৱ থাপাৰ সৈতে এটি স্মৰণীয় মুহূৰ্ত

জন্মদিন বিশেষ: অসমৰ বক্সিং লিজেণ্ড শিৱ থাপাৰ সৈতে এটি স্মৰণীয় মুহূৰ্ত

সাক্ষাৎগ্ৰহণ: তুষাৰ প্ৰতীম

( সাক্ষাৎকাৰটো ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত গ্ৰহণ কৰা হৈছিল)

খবৰ পাইছিলো শিৱ আহিছে। শিৱ মানে বিশ্ব বক্সিং চেম্পিয়ন শিৱ থাপা। অলিম্পিকত ভাগ লোৱা দেশৰ সৰ্বকনিষ্ঠ বক্সাৰ শিৱ। শিৱক লগ কৰি দুটা কথা পতাৰ উদ্দেশ্যৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই কেন্দ্ৰলৈ গ’লো। অত্যন্ত ব্যস্ত অসম গৌৰৱ, পদ্মশ্ৰী শিৱ থাপা। ছাইৰ য’ত বক্সিঙৰ অনুশীলন হয় তাৰ কাষতে থকা এটা কোঠালীত অনুশীলনৰ বাবে সাজু হৈ আছিল শিৱ। ঘড়ীৰ কাঁটাৰ লগত সমানে সমানে আগুৱাই যোৱা শিৱই তেওঁৰ ব্যস্ত সূচীৰ পৰা আমাক কিছু সময় দিছিল। অতি নিবিড়ভাৱে শিৱক কাষত পাই কিছু ব্যক্তিগত কথাৰ লগত তেওঁৰ ক্ৰীড়া জীৱন আৰু অসমৰ বক্সিং জগতখনৰ ওপৰতো কিছু কথা পাতিছিলো। তাৰে কিছু সম্পাদিত অংশ অলিম্পিয়াৰ পাঠক সমাজলৈ আগঢ়ালো।


প্ৰশ্ন ঃ বৰ্তমান আপুনি কিহত ব্যস্ত আছে? অলিম্পিকক বাদ দি সন্মুখত আন কিবা গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আছে নেকি?
শিৱ ঃ এতিয়া মই ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলাই আছো। অক্টোবৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি অলিম্পিক কোৱালিফায়াৰ্ছ আছে।

প্ৰশ্ন ঃ আপুনি অলিম্পিকৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলাই আছে?অলিম্পিকৰ বক্সিঙত কোনটো শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব?
শিৱ ঃ প্ৰস্তুতি চলাই আছো। অলিম্পিকৰ বক্সিঙত এইবাৰ কিছু সালসলনি হৈছে। পুৰুষৰ ৬০ কেজিৰ শাখাটো এইবাৰ বাদ দিছে গতিকে মই ৬০ কেজিৰ পৰিৱৰ্তে ৬৩ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিম।


প্ৰশ্ন ঃ অসমৰ বৰ্তমান বক্সিং জগতখনক লৈ আপুনি কি ক’ব?
শিৱ ঃ অসমত ল’ৰাই হওক বা ছোৱালীয়েই হওক, বহু প্ৰতিভাৱান খেলুৱৈ ওলাই আহিছে। শেহতীয়াকৈ অসমত বক্সিং চেম্পিয়নশ্বিপো অনুষ্ঠিত হৈছে। অসমৰ গাঁও-চহৰ সকলোতে মানুহে বক্সিঙৰ বিষয়ে গম পাইছে। নতুন নতুন ল’ৰা-ছোৱালীয়ে বহু কষ্ট কৰি আছে। অসম বক্সিঙৰ আৰু ভাল দিন আহিব।


প্ৰশ্ন ঃ অসমৰ বক্সিঙৰ আন্তঃগাঁথনিক লৈ আপুনি সুখীনে?
শিৱ ঃ সদায়েই নতুন বস্তুৰ প্ৰয়োজন হয়। বৰ্তমান যিখিনি আছে সেইখিনিকে ভালকৈ ব্যৱহাৰ কৰিব লাগে। থকাখিনি যাতে ধ্বংস নহয়, উপযুক্তভাৱে ব্যৱহাৰ হয় তাৰ ওপৰত চকু ৰাখিব লাগে।


প্ৰশ্ন ঃ শিৱই দুৰ্গা পূজা ক’ত কেনেকৈ চাব?

শিৱ ঃ দুৰ্গা পূজাৰ সময়ত মই ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত থাকিম। উৎসৱৰ সময়ত ঘৰত থকা নহয়েই। খেলুৱৈৰ জীৱন— প্ৰতিটো উৎসৱৰ সময়ত ঘৰলৈ মনত পৰে। ল’ৰালিৰ দিনবোৰ মনত পৰে। কেতিয়াবা বিহু-পূজাত মায়ে ফোন কৰি দুখ কৰে। পিছত যেনিবা আকৌ মায়ে বুজি পায় আৰু অধিক কষ্ট কৰিবলৈ প্ৰেৰণা দিয়ে। বিহু-পূজা আদি উৎসৱবোৰত ঘৰখনক মিছ কৰো।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments