জাকাৰ্টা এছিয়ান গেমছত ইতিহাস ৰচনা কৰিলে স্বৰ্ণকন্যা হিমাই

✍️ জন্তু বৰঠাকুৰ

শতকোটি ভাৰতীয় বোজা বৈ Îট্ৰকত সেয়া অসমৰ হিমা দাস। স্বভাৱজাত শৈলীৰে সকলোৰে প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে।  ছেট গ’— আৰম্ভ হৈছিল জাকাৰ্টাৰ Îট্ৰকত অসমৰ উৰন্ত কন্যাৰ দুৰন্ত গতি…

স্তাচলত তেতিয়া সূৰ্য ডুব গৈছিল মাত্ৰ। দিনটো ৰমলিয়াই ৰমলিয়াই ভাগৰি পৰা কাউৰীজাকে জিৰণি লৈছিলগৈ গছৰ ডালত, স্ব-স্থানত। গাঁৱৰ কোনোবা চুবুৰিত জাক পাতি  খেলাৰ অন্তত ‘বাদুলি গ’ল গধূলি হ’ল ….’ বুলি সমস্বৰে গাই অহা উতনুৱাজাক ঘৰ সোমাইছিলগৈ। এজাক সু-শীতল বতাহ বলিছিল। টিভিৰ সন্মুখত জুম বান্ধিছিল মানুহবোৰে। অঞ্জলি খুৰীয়েও গোসাঁইঘৰত চাকিগছ খৰধৰকৈ জ্বলাই টিভিৰ সন্মুখত বহিছিলহি। ককায়ো নাম সামৰিছিল সোনকালে। টিউচনৰ অন্তত চাৰিআলিৰ চুকত অলপ সময় আড্ডা দিয়া টিংকু আহি ঘৰ সোমাইছিলহি সোনকালেই। সকলোৰে মুখত উৎকণ্ঠাৰ চাপ। গুণগুণনিত স্পষ্ট হৈ পৰিছিল অন্তহীন অপেক্ষাৰ ছবিখন। দীপকৰ দেউতাক অফিচৰ পৰা আহি পাওঁতে অলপ পলম হৈছিল। স্কুটাৰখন চোতালত ৰাখি হুৰমূৰকৈ সোমাই আহি সুধিছিল— ‘আৰম্ভ হ’লেই নেকি·’ নাই, কাৰো উত্তৰ দিয়াৰ ধৈৰ্য নাই, সকলোৰে চকুবোৰ ওলমি পৰিছিল টিভিৰ পৰ্দাত। আকাশত তৰালিয়ে খেলা পাতিছিল, জাকাৰ্টাত আৰম্ভ হৈছিল আন এখন খেলা। আন এজাক উজ্জ্বল তাৰকাৰ জিলমিলনি। শতকোটি ভাৰতীয় বোজা বৈ Îট্ৰকত সেয়া অসমৰ হিমা দাস। স্বভাৱজাত শৈলীৰে সকলোৰে প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে।  ছেট গ’— আৰম্ভ হৈছিল জাকাৰ্টাৰ Îট্ৰকত অসমৰ উৰন্ত কন্যাৰ দুৰন্ত গতি। এছিয়াৰ শক্তিশালী প্ৰতিপক্ষক কোনো সুযোগ নিদি ৪০০ মিটাৰ দৌৰাৰ অন্তত দলীয় সতীৰ্থৰ হাতত সকলোতকৈ আগতে তুলি দিছিল বেটনডাল। হিমাই গঢ়ি  দিয়া শক্তিশালী বুনিয়াদৰ গাত ভেজা দিয়েই সকলোতকৈ আগত যাত্ৰা অবিৰত থাকিল ভাৰতীয় এথলিটৰ। অৱশেষত এক সোণোৱালী হাঁহি মাৰিলে ভাৰতীয় দলে। ১৮সংখ্যক এছিয়ান গেমছত মহিলাৰ ৪ x ৪০০ মিটাৰ দৌৰত খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে। ১৯৬৬ চনত ভোগেশ্বৰ বৰুৱাই বেংকক এছিয়ান গেমছত পুৰুষৰ ৮০০ মিটাৰ দৌৰত স্বৰ্ণপদক জয়ৰ পিছত কোনো অসমীয়া হিচাপে এছিয়ান গেমছত প্ৰথম স্বৰ্ণপদক জয় কৰিলে হিমা দাসে। জাকাৰ্টাত ৰচনা হ’ল এক ইতিহাস। ভোগেশ্বৰ বৰুৱাৰ সময়ত তথ্য-প্ৰযুক্তিৰ প্ৰসাৰ আজিৰ দৰে হোৱা নাছিল।  ছ’চিয়েল মিডিয়া নাছিল। অসম মুলুকত টিভি আছিল কল্পনাৰো অগোচৰ। কিন্তু আজিৰ পৰিৱেশ বেলেগ। স্বচক্ষে হিমাৰ খেল চোৱাৰ বাবেই জাকাৰ্টাত ভিৰ কৰিছিলগৈ অসমৰ অনুৰাগী, সাংবাদিক। টিভিৰ পৰ্দাত ভাহি উঠা হিমাৰ সেই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল বহুজন। হিমাৰ এই গৌৰৱ প্ৰাপ্তিত দুহাত ফুলি উঠিল প্ৰতিজন অসমীয়াৰ বুকু। টিভিত দৌৰ প্ৰত্যক্ষ কৰি থকাৰ সময়তে অঞ্জলি খুৰীয়ে হয়তো গোসাঁইঘৰত আৰু এগছি চাকি আগবঢ়াব বুলি মনতে ভাবিলে। দীপকৰ দেউতাকে মাকক কৈ উঠিল— ‘হেৰা শুনিছানে বেগটো দিয়া, আজি মাংসকে আনো।’ হিমাৰ সফলতাই সন্ধিয়াৰ আকাশখন যে অধিক উজলাই তুলিলে। ভোগেশ্বৰ বৰুৱাৰ মনত পৰিল বেংককত তেওঁ স্বৰ্ণ জয় কৰা সেই ঐতিহাসিক ক্ষণটোলৈ। সময় তেতিয়াৰ, সময় এতিয়াৰ। তেওঁ সমুখত অহা-যোৱা কৰিলে ভিন্ন সময়ৰ দুখন পৃথক ছবিয়ে। পলকৰ ভিতৰতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামত জিলিকি উঠিল ‘হিমা এণ্ড কো …’ ৰ এই সফলতাৰ সংবাদ। ফেচবুক, টুইটাৰত উবুৰি খাই পৰিল অনুৰাগীবোৰ। কম্পিউটাৰ, ম’বাইলৰ কী ব’ৰ্ডত আঙুলিৰ ক্ষিপ্ৰ সঞ্চালন। উপচি পৰিল ছ’চিয়েল মিডিয়া শুভেচ্ছা, সদিচ্ছাৰে। ৪ x ৪০০ মিটাৰ ৰিলে দৌৰত স্বৰ্ণজয়ী ভাৰতীয় দলত হিমাৰ লগত আছিল এম পোভাম্মা, এছ লক্ষ্মণভাই গাইকোৱাৰ আৰু ভি কে বিস্ময়। নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁলোকে সময় লয় ৩ মিনিট ২৮.৭২ ছেকেণ্ড। দ্বিতীয় আৰু তৃতীয় স্থানত থাকে ক্ৰমে বাহৰেইন আৰু¸ ভিয়েটনাম। উল্লেখ্য যে কেৱল ৰিলে দৌৰত লাভ কৰা স্বৰ্ণই নহয়, প্ৰতিযোগিতাখনত ব্যক্তিগত ইভেণ্টত লাভ কৰা দুটা ৰূপসহ এই অসম কন্যাই লাভ কৰিলে তিনিটাকৈ পদক। এছিয়ান গেমছৰ অভিষেকতে হিমাই লাভ কৰা সফলতাত বাঃ বাঃ দিবলৈ বাধ্য হ’ল সমগ্ৰ ভাৰতবাসী। দুৰন্ত গতি, অসামান্য আত্মবিশ্বাস, স্বভাৱজাত স্মাৰ্টনেছেৰে এছিয়ান গেমছৰ Îট্ৰকত হিমাই কাৰ্যতঃ ঘোষণা কৰিলে বিশ্ব ক্ৰীড়া ক্ষেত্ৰলৈ এক উজ্জ্বল তাৰকাৰ আগমনৰ সম্ভাৱনা। জাকাৰ্টাত ৪০০ মিটাৰ আৰু মিক্সড টীম ৰিলেতো স্বৰ্ণপদক জয় কৰা খেলুৱৈগৰাকীৰ টাইমিঙৰ উত্তৰণো আছিল চকুত লগা। ফিনলেণ্ডত অনূধৰ্ব ২০ বিশ্ব এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ৫১.৪৬ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি স্বৰ্ণপদক জয়েৰে ইতিহাস ৰচনা কৰা এই অসম কন্যাই জাকাৰ্টাত ৫১ ছেকেণ্ড সময় লৈ ৪০০ মিটাৰৰ ফাইনেলত স্থান নিশ্চিত কৰে। তেওঁ ভংগ কৰে ২০০৪ চনত মনজিৎ কৌৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় অভিলেখ (৫১.০৫) ফাইনেলত ৫০.৫৯ ছেকেণ্ড সময় লৈ ৰূপৰ পদক জয় কৰা হিমাই ক্ৰমাগত দুটা দিনত দুবাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি দেশৰ ক্ৰীড়া ক্ষেত্ৰত খলকনি তুলিছিল। প্ৰতিযোগিতাখনৰ মহিলাৰ ২০০ মিটাৰৰ দৌৰৰ ছেমিফাইনেলত অৱশ্যে দুঃস্বপ্ন হৈ ৰ’ব হিমাৰ বাবে। ফলছ্‌ ষ্টাৰ্টৰ বাবে ছেমিফাইনেলত অযোগ্য ঘোষিত হ’ল হিমা। এই শাখাৰ ফাইনেলত দেশৰ হৈ ৰূপৰ পদক জয় কৰে ভাৰতৰ দ্যুতি চান্দে (২৩.২০)। স্মৰ্তব্য যে জুনত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছত ২৩.১০ ছেকেণ্ডত ২০০  মিটাৰ দৌৰ সমাপ্ত কৰি স্বৰ্ণপদক জয়েৰে জাকাৰ্টালৈ যোগ্যতা অৰ্জন কৰিছিল খেলুৱৈগৰাকীয়ে। প্ৰতিযোগিতাখনত দ্বিতীয় স্থানত আছিল দ্যুতি চান্দ কিন্তু এছিয়ান গেমছত সেই প্ৰদৰ্শনৰ পৰা দূৰত ৰ’ল হিমা। ফলছ ষ্টাৰ্টে বিঘিনি ঘটালে তেওঁৰ স্বপ্নৰ বাটত। বক্সিঙৰ ৰিঙৰ পৰা ওলাই আহি এদিন এথলেটিক্‌ছ ক্ষেত্ৰত ভৰি দিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই। লাভ কৰিছিল আশাতীত সাফল্য। সেইদৰে বোকা মাটিৰে সিক্ত ফুটবলৰ খেলপথাৰৰ পৰা আহি Îট্ৰকত ভৰি দিছিলহি হিমা দাসে। নগাঁৱৰ ধিঙৰ এই ছোৱালীজনীৰ মাজত সোমাই আছিল অপাৰ সম্ভাৱনা। যি সম্ভাৱনাই খুব কম সময়ৰ ভিতৰত বাস্তৱৰ পিঠিত সাৰ্থক ৰূপত প্ৰতিফলিত হ’ল। অসমৰ Îট্ৰকত এদিন গ্লেমাৰ গাৰ্ল হিচাপে চৰ্চিত হৈছিল জুনুমণি শইকীয়া। অভিহিত হৈছিল অসমৰ বৰদৈচিলা হিচাপে। কাৰোবাৰ নামৰ আগত পুনৰ চৰ্চিত হ’ল বৰদৈচিলা অভিধা। বিশ্ব ক্ৰীড়াংগনত স্বচছন্দেৰে উজলি উঠা হিমা দাসৰ এয়া আৰম্ভণিহে। তেওঁৰ সন্মুখত পৰি আছে প্ৰত্যাহ্বানজনক এক দীঘলীয়া পথ। হিমাৰ ক্ৰীড়া প্ৰতিভাই অন্য এক সাৰ্থক ৰূপ লৈ ধৰা দিয়ক ২০২০ টকিঅ’ অলিম্পিকত। হাতত এতিয়াও সময় আছে আমি আশা কৰিম পৰিকল্পিত আৰু সুচিন্তিত অনুশীলনেৰে টকিঅ’ অলিম্পিকৰ বাবে সাজু হওক হিমা। ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ সাধনাই অধিক সিদ্ধি লাভ কৰক। অপ্ৰয়োজনীয় পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখি অবিৰত সাধনত ব্ৰতী হৈ থাকিলে হিমা দাসৰ পৰা হয়তো দূৰত নাথাকিব এটা অলিম্পিক পদক। ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমাই লাভ কৰক এনে সিদ্ধি। ৰাজ্য তথা দেশৰ নাম উজলাই থিয় দিয়ক অলিম্পিক মঞ্চত। এতিয়া এয়াই আশা মোৰ, সকলোৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *