Tuesday, October 4, 2022
HomeNewsজাজৰিত ফুটবল লীগ আৰম্ভ

জাজৰিত ফুটবল লীগ আৰম্ভ

জাজৰিত ফুটবল লীগ আৰম্ভ : ইটাকলি ইলেভেন টাইগাৰৰ জয়

নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ: নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত দলংঘাট বৰমণিপুৰৰ সন্থাৰ নিজা খেলপথাৰত দেওবাৰৰ পৰা চলিত বৰ্ষৰ আন্তঃক্লাব ফুটবল লীগ প্ৰতিযোগিতা আৰম্ভ হৈছে । নগাঁও আৰু মৰিগাঁৱৰ মুঠ ৬ টা ক্লাব দলৰ যোগদানৰে আয়োজিত এই লীগৰ উদ্বোধনী খেলত ইটাকলি ইলেভেন টাইগাৰ ক্লাবে জাজৰিৰ মিলিজুলি ক্লাবক ২-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে ।

প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সন্থাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল হাছিমে । খেলখনত ইটাকলি টাইগাৰ ক্লাবৰহৈ ৮ মিনিটত বাছিয়ে আৰু ৫৮ মিনিটত মৌচুমে ক্ৰমে গ’ল দুটা দিয়ে। দেওবাৰৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী ফাইজ উদ্দিন আহমেদক সহায় কৰে ওবাইদুৰ ৰহমান, চৈয়দুৰ ৰহমান আৰু মুছলেহ উদ্দিন আহমেদে ৷ সোমবাৰৰ খেলত দলংঘাটৰ মিলনজ্যোতি ফুটবল কোচিং চেণ্টাৰে পানবাৰীৰ পি.বি.জে.বি ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব বুলি সন্থাৰ সমন্বয়ক তথা মুখপাত্ৰ জাহিদুৰ ৰহমানে জনাইছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments