Friday, September 30, 2022
HomeNewsজাজৰি ক্ৰীড়া সন্থাৰ ফুটবল লীগ প্ৰতিযোগিতাত মাজগাঁও কোচিং ক্লাব চেম্পিয়ন

জাজৰি ক্ৰীড়া সন্থাৰ ফুটবল লীগ প্ৰতিযোগিতাত মাজগাঁও কোচিং ক্লাব চেম্পিয়ন

জাজৰি ক্ৰীড়া সন্থাৰ ফুটবল লীগ প্ৰতিযোগিতাত মাজগাঁও কোচিং ক্লাব চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন: নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত দলংঘাটৰ বৰমণিপুৰস্থিত সন্থাৰ নিজা খেলপথাৰত দেওবাৰে সামৰণি পৰিল চলিত বৰ্ষৰ ফুটবল লীগ প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত মাজগাঁও কোচিং ক্লাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে ।

এই লীগ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত মাজগাঁও কোচিং ক্লাবে পানবাৰীৰ পি.বি.জে.বি ক্লাবক ২-১ গ’লত পৰাজিত কৰে । খেলখনত মাজগাঁও কোচিং ক্লাবৰহৈ গ’ল দুটা অপ্পু ডেকা আৰু ছফিকুল ইছলামে দিয়াৰ বিপৰীতে পি.বি.জে.বি. ক্লাবৰ হৈ একমাত্ৰ গ’লটো অনুপম কোঁৱৰে দিয়ে ।

দেওবাৰৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী ফাইজউদ্দিন আহমেদক সহায় কৰে চৈয়দুৰ ৰহমান, ওৱাইদুৰ ৰহমান আৰু মুছলেহউদ্দিন আহমেদে । খেলৰ অন্তত জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি আব্দুল হাছিমৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক সমীৰ হাজৰিকা, সমাজ সংগঠক লৱকান্ত শৰ্মা, পুতকন বৰদলৈ, ছফিকুল হক, ফৰিদুৰ ৰহমান, ইন্তাজ আলী, জেহিদুৰ ৰহমান, আফটাবউদ্দিন আহমেদ আৰু মাইনুজ জামান আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে । উল্লেখ্য যে, ফাইনেল খেলখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ক্ৰীড়া সংগঠক সমীৰ হাজৰিকাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments