অলিম্পিয়াৰ প্ৰতিবেদন
বেটিং অথবা বলিঙেৰে নহয় বিজয় উদযাপনৰ পদ্ধতিৰে আই পি এল-২০২২ ৰ চৰ্চাৰ শীৰ্ষত থকা ৰিয়ান পৰাগে সৃষ্টি কৰিলে এক অন্যন্য ৰেকৰ্ড। ৰবীন্দ্ৰ জাডেজা, ৰোহিত শৰ্মাৰ দৰে মহান ভাৰতীয় খেলুৱৈক অতিক্ৰম কৰি ৰিয়ান হৈ পৰিছে এক অনন্য ৰেকৰ্ডৰ অধিকাৰী।
কেতিয়াবা যদি খেল পথাৰত বিহু নৃত্য কৰি আন কেতিয়াবা ছেলফি উঠাৰ ভংগীৰে বিজয় উদযাপন কৰি চৰ্চাৰ শীৰ্ষত থকা ৰিয়ানে মাটিত বল লগাৰ পিছতো আউট হোৱাৰ আপীল কৰিও শেহতীয়াকৈ বিতৰ্কৰ মাজলৈ আহিছে। বহুতেই এইবোৰ কাৰণতে ৰিয়ানক চোকা সমালোচনাও কৰিছে। বিতৰ্কৰ মাজতেই অৱশ্যে ৰিয়ানে নিজস্ব অৱদানেৰে ৰাজস্থান ৰয়েলছৰ প্ৰতিখন মেচতেই চৰ্চিত হৈ আহিছে।
ৰাজস্থানৰ হৈ প্ৰথম কেইখন মেচত ধাৰাবাহিক ভাৱে ব্যৰ্থ হোৱা ৰিয়ানে অৱশ্যে দলৰ প্ৰয়োজনত গুৰুত্বপূৰ্ণ ইনিংছ উপহাৰ দিয়াই নহয় দলক বিজয়ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ব্যৰ্থতাৰ ধাৰাবাহিকতা ভংগ কৰি ৰিয়ানে দিছে অৰ্ধ শতকীয় ইনিংছৰ উপহাৰ।
বেটিং অথবা বলিঙত ব্যৰ্থ হলেও ৰিয়ান খেল পথাৰত সদায়েই সপ্ৰতিভ। ফিল্ডিঙত সুদক্ষ ৰিয়ান। আনে এই কথা স্বীকাৰ নকিৰিলেও পৰিসংখ্যই সেই কথাকে প্ৰমাণ কৰিলে। বিশ্ব ক্ৰিকেটতে এগৰাকী সুদক্ষ ফিল্ডাৰ হিচাপে পৰিচিতি লাভ কৰা ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাকো অতিক্ৰম কৰিলে ৰিয়ানে।
শুকুৰবাৰে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে ছিজনৰ ৬৮ সংখ্যক মেচত ৰাজস্থান ৰয়েলছ ৫ উইকেটত বিজয়ী হয়। ইয়াৰ লগে লগে ৰাজস্থানে পইণ্ট তালিকাৰ দ্বিতীয় স্থান সুৰক্ষিত কৰিছে।আনহাতে ৰাজস্থান প্লে’ অফৰ টিকট লাভ কৰা তৃতীয় দল হৈ পৰিছে।
ৰিয়ান পৰাগে মেচখনত মইন আলী আৰু এন জগদীচানৰ দুটাকৈ কেচ ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগেই সৃষ্টি হৈছে এক নতুন ৰেকৰ্ড। ৰিয়ান পৰাগ হৈ পৰিল এটা ছিজনত সৰ্বাধিক কেচ সংগ্ৰহকাৰী ভাৰতীয় খেলুৱৈ। ৰিয়ানে এই ক্ষেত্ৰত ৰবীন্দ্ৰ জাদেজা আৰু ৰোহিত শৰ্মাক অতিক্ৰম কৰিছে।
ৰবীন্দ্ৰ জাদেজাই ২০১৫ আৰু ২০২১ চনত চেন্নাইৰ হৈ খেলি দুয়োটা ছিজনতে ১৩ টাকৈ কেচ সংগ্ৰহ কৰিছিল। আনহাতে ৰোহিত শৰ্মাই ২০১২ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ ১৩ টা কেচ সংগ্ৰহ কৰিছিল। ৰিয়ান পৰাগে দুয়োজনকে অতিক্ৰম কৰি চলিত ছিজনত মুঠ ১৫ টা কেচ সংগ্ৰহ কৰিছে।
এগৰাকী সুদক্ষ ফিল্ডাৰ হিচাপে ৰিয়ানে নিজকে ইতিমধ্যে প্ৰমাণ কৰিছে। বহুকেইগৰাকী মহান ক্ৰিকেটাৰে ৰিয়ানৰ সক্ষমতা সম্পৰ্কে ইতিমধ্যে মন্তব্য কৰিছে। প্ৰচুৰ প্ৰতিভাৰ আকৰ ৰিয়ান। যিদৰে তেওঁ এগৰাকী সফল ফিল্ডাৰ হিচাপে নিজকে প্ৰমাণ কৰিছে, ঠিক একেদৰে ৰিয়নে যদি বেটিঙত সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰে তেন্তে ৰিয়ান হৈ পৰিব পাৰে ভাৰতৰে এক সম্পদ।