জাপানৰ ৭০ শতাংশতকৈ অধিক লোকে নিবিচাৰে টকিঅ’ অলিম্পিক

অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন। এনে এক মুহূৰ্তত জাপানৰ প্ৰায় ৭০ শতাংশতকৈ অধিক লোকে নিবিচাৰে টকিঅ’ অলিম্পিক। বিশ্ব প্ৰতিযোগিতাখন কেৱল স্থগিত ৰখাই নহয়, সম্পূৰ্ণ ৰূপে বাতিল কৰাটোহে বিচাৰিছে তেওঁলোকে।

জাপানৰ স্থানীয় সংবাদ সংস্থা কয়’ডো নিউজে কৰা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সংবাদ সংস্থাটোৰ সমীক্ষা অনুসৰি জাপানৰ ৩৯.২ শতাংশ লোকে প্ৰতিযোগিতাখন ৰদ হোৱাটো বিচাৰিছে। ইয়াৰ বিপৰীতে ৩২.৮ শতাংশই প্ৰতিযোগিতাখন স্থগিত হোৱাটো বিচাৰিছে। কেৱল মাত্ৰ ২৪.৫ শতাংশ লোকেহে প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাটো আশা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *