অলিম্পিয়া প্ৰতিবেদন
বিশ্ব প্ৰসিদ্ধ দৌৰবিদ উছেইন বল্টৰ ট্ৰেইনিং ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত আৰিয়ান নামৰ এগৰাকী উদীয়মান দৌৰবিদৰ জীৱন ধাৰা সলনি হ’ল ৷ এই কথা নিজেই প্ৰকাশ কৰিলে খেলো ইণ্ডিয়া য়ুথ গেমছৰ সময়ত মহাৰাষ্ট্ৰৰ আৰিয়ান কদম নামৰ দৌৰবিদগৰাকীয়ে ৷ হাৰিয়ানাৰ পঞ্চকুলাত ২০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰা আৰিয়ান কদম কেনেকৈ এগৰাকী মধ্যমীয়া দৌৰবিদৰ পৰা ক্ৰমাগত ভাৱে উন্নতিৰ পথত আগবাঢ়িছে সেই কথা অত্যন্ত আকৰ্ষণীয় আৰু অনুকৰণযোগ্য ৷
চাৰি বছৰৰ আগৰ কথা ৷ মহাৰাষ্ট্ৰৰ আৰিয়ান কদম নামৰ কিশোৰ গৰাকীয়ে বিশ্বৰ ১০০ মিটাৰ দৌৰৰ শীৰ্ষস্থানীয় দৌৰবিদ উছেইন বল্টৰ দৰে বিশ্ব জয় কৰাৰ সপোন দেখি জামাইকালৈ এক দীঘলীয়া বিমান যাত্ৰা কৰিছিল ঞ৷ তেওঁৰ লগতে পুনেৰ দুগৰাকী বদ্ধুৰ সৈতে দলটোৱে কেৰিবিয়ান দ্বীপত এক বাৰ্ষিক গ্ৰীষ্মকালীন শিবিৰত যথেষ্ট পৰিমাণে শিক্ষা গ্ৰহণ কৰে৷ কেৰিবিয়ান দ্বীপটো দুৰ্ধৰ্ষ পেচ বলাৰ আৰু সংগীতজ্ঞ বব মাৰ্লেৰ বাবে বিখ্যাত ৷ মহাৰাষ্ট্ৰৰ এই কিশোৰ কেইগৰাকীয়ে জামাইকাৰ ৰেচাৰ ট্ৰেক ক্লাবত যোগদান কৰে ৷ এই ক্লাবৰ পৰাই কিংবদন্তী দৌৰবিদ উছেইন বল্ট আৰু য়হান ব্লাকেৰ দৰে দৌৰবিদৰ সৃষ্টি হৈছিল ৷ ৰেচাৰ ট্ৰেক ক্লাবত প্ৰশিক্ষণ গ্ৰহণৰ অন্তত আৰিয়ান কদম আৰু তেওঁৰ বন্ধু দুজনে মিলি জামাইকাৰ পৰা এজন প্ৰশিক্ষকক সৈমান কৰি পুনেলৈ লগত লৈ আহে ৷ জাৰ্মেইন শ্বাণ্ড নামৰ এই প্ৰশিক্ষক গৰাকীয়ে বৰ্তমান তেওঁলোকক পুনেত প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ ইয়াৰ পাছতেই সলনি হ’ল আৰিয়ানহঁতৰ গতিপথ ৷ বৃহস্পতিবাৰে পুৱা আৰিয়ানে খেলো ইণ্ডিয়া য়ুথ গেমছত ১০০ মিটাৰৰ লগতে ২০০ মিটাৰতো স্বৰ্ণ পদক অৰ্জন কৰে ৷ নিজৰ অভিজ্ঞতাৰ কথা আৰিয়ানে বাখ্যা কৰে এনেদৰে, ‘‘ ১০০ মিটাৰ দৌৰত মই বিশেষ পাৰদৰ্শী নাছিলো ৷ কিন্তু জাৰ্মেইনে লক্ষ্য কৰিলে যে ৰিলে দৌৰৰ সময়ত তৃতীয় লেগত মই কাৰ্ভত যথেষ্ট দ্ৰুত গতিত দৌৰিব পাৰো ৷ তেতিয়াই মোক তেওঁ ১০০ মিটাৰৰ সলনি ২০০ মিটাৰত গুৰুত্ব দিবলৈ কয় ৷ ইয়াৰ পাছতে মোৰ ভাগ্য চকৰি সলনি হয় ৷’’ ১৮ বছৰীয়া আৰিয়ানে ইতিমধ্যে মহাৰাষ্ট্ৰ দলৰ হৈ ৪ x ১০০ মিটাৰ ৰিলে দৌৰত স্বৰ্ণ পদক জয় কৰিছে ৷ ঘটনাক্ৰমে চলিত বছৰৰ আৰম্ভণিতে ফ্ৰান্সৰ নৰ্মাণ্ডিত অনুষ্ঠিত আই এছ এফ জিমনাছিয়াডত মহাৰাষ্ট্ৰৰ ৰিলে দলৰ হৈ তেওলোকে ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ বুধবাৰে আৰিয়ানে ২০০ মিটাৰ দৌৰৰ প্ৰথম ৪০ মিটাৰতে যথেষ্ট অগ্ৰগতি লাভ কৰে ৷ পৰৱৰ্তী মিটাৰত আধিপত্য বৰ্তাই ৰাখি তেওঁ সোণৰ পদক জয় কৰে ৷
বল্টৰ সৈতে তেওঁ ট্ৰেকত একেলগে দৌৰাৰ সুযোগ লাভ কৰিছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আৰিয়ানে কয়, ‘‘আমি জামাইকালৈ যোৱাৰ সময়ত তেওঁ ইতিমধ্যে সক্ৰিয় ক্ৰীড়াৰ পৰা অৱসৰ লৈছে ৷ কিন্তু তেওঁ কেতিয়াবা আহি ক্লাবত আমাক পাতলীয়া প্ৰশিক্ষণ দিয়ে ৷ তেওঁৰ সৈতে আমি কথা কোৱাৰ সুযোগ লাভ কৰিছিলো ৷” চলিত বছৰতে দ্বাদশ শ্ৰেণীৰ শেষান্ত পৰীক্ষা দিব লগা আৰিয়ানে শীৰ্ঘে ছিনিয়ৰ ভাৰতীয় দলত অন্তৰ্ভূক্ত হোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছে ৷